Asom Divas 2022 : শিৱসাগৰত আহোম সেনাৰ অসম দিৱস পালন

By

Published : Dec 2, 2022, 7:06 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

আজি সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে অসম দিৱস (Asom divas celebrated in Assam) । আহোম ৰাজত্বৰ প্ৰথমগৰাকী স্বৰ্গদেউ চাওলুং চুকাফাৰ (Ahom king Sao lung Sukapha) অসম আগমনৰ দিন ২ ডিচেম্বৰ তাৰিখটো সমগ্ৰ ৰাজ্যতে চুকাফা দিৱস বা অসম দিৱস হিচাবে পালন কৰা হয় (Sukapha divas observed in Sivasagar) । উক্ত দিৱসৰ লগত সংগতি ৰাখি আহোম সেনা (Ahom Sena Sivasagar) শিৱসাগৰ জিলা সমিতিৰ উদ‍্যোগত শিৱসাগৰ জিলা ভিত্তিত এখনি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । লগতে অসমীয়া জাতিৰ জনক চাওলুং চুকাফালৈ এক শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই উপলক্ষে শিৱসাগৰ নগৰৰ মাজমজিয়াৰ ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পূব-উত্তৰ দিশৰ শ্বহীদ পিয়লি ফুকন উদ‍্যানত পুৱা ৯ বজাৰ পৰা আয়োজন হয় অনুষ্ঠানৰ । অসমীয়া জাতিৰ পিতৃপুৰুষজনাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি কৰে উদ্যোগতাসকলে । লগতে আগন্তুক সময়ত চাওলুং চুকাফাৰ আদৰ্শৰে অসমীয়াৰ ভেটি মজবুত কৰাৰ প্ৰয়াস অক্ষুণ্ণ ৰখা উচিত বুলিও উদ্যোক্তাসকলে মন্তব্য কৰে ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.