MLA Ramakanta Deori dance : এইবাৰ নৃত্য কৰি সকলোৰে আৰ্কষণ কাঢ়িলে মৰিগাঁঁৱৰ বিধায়ক ৰমাকান্তই

By

Published : Jan 27, 2023, 10:29 AM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

মৰিগাঁও, 27 জানুৱাৰী : মানসী অথবা অ’ ডাঙৰীয়া নহয় । এইবাৰ নৃত্যৰত অৱস্থাত আৱিৰ্ভাৱ হ’ল বিতৰ্কিত বিধায়ক ৰমাকান্ত দেউৰী (MLA Ramakanta Deori) ৷ গীত গাই গাই ৰাজ্যৰ সংবাদ শীৰ্ষ দখল কৰা ৰমাকান্ত দেউৰী এইবাৰ নাচি নাচি পুনৰ চৰ্চালৈ আহিছে সংবাদ মাধ্যমৰ ৷ মৰিগাঁও সমষ্টিৰ বিধায়ক হোৱাৰ লগতে অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰো অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে গণৰাজ্য দিৱসৰ দিনা সতীৰ্থৰ সৈতে ককাঁল ঘূৰাই ঘূৰাই ৰং-ৰহইচ কৰাত মত্ত হোৱা দেখিবলৈ পোৱা গ’ল । 

প্ৰাসংগিক যে, প্ৰথমবাৰৰ বাবে বিধায়ক দেউৰীয়ে গায়কৰ ৰূপত আত্মপ্ৰকাশ কৰিছিল বিগত বৰ্ষৰ ১৪ অক্টোবৰৰ দিনা ৷ উক্ত দিনটোত ব্যাপক প্ৰস্তুতিৰে আয়োজন কৰা হৈছিল মৰিগাঁও দিৱসৰ ৷ মৰিগাঁও দিৱসৰ এই কাৰ্যসূচীত হাজাৰ-বিজাৰ মৰিগঞা ৰাইজৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ সন্মুখত বিধায়কগৰাকীয়ে পৰিৱেশন কৰিছিল ’মানসী’ শীৰ্ষক বিশেষ গীতটো ৷ গীত পৰিৱেশনৰ সেই বিশেষ ভিডিঅ’টো সৰ্বত্ৰে ভাইৰেল হৈ পৰাৰ লগতে সকলোকে দিছিল হাঁহিৰ খোৰাক ৷ 

ইয়াৰ পাছত মৰিগাঁৱৰ বঘৰাত 2022 বৰ্ষৰ আঠ নৱেম্বৰৰ দিনা বঘৰা মেডিকেল কলেজৰ (Baghara state dispensary) আধাৰশিলা স্থাপনৰ অনুষ্ঠানত হাজাৰ বিজাৰ জনতাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma), অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta), পীয়ূষ হাজৰিকাৰ সন্মুখত দ্বিতীয়বাৰৰ বাবে পৰিৱেশন কৰে গীতটো (Assam CM in Jonbeel mela)৷ 

সমান্তৰালভাৱে ঐতিহাসিক জোনবিল মেলাৰ থলীটো ৰাইজৰ অনুৰোধ ৰক্ষা কৰি বিধায়ক দেউৰীয়ে পৰিৱেশন কৰিলে অ’ ডাঙৰীয়া শীৰ্ষক গীতটো । বিধায়ক তথা জনপ্ৰতিনিধি হ’লেও ৰমাকান্ত দেউৰীক ৰাইজে য’তে লগ পায় তাতেই সমস্যা-অসুবিধা সমাধানৰ বাবে নহয় গীতৰ বাবেহে অনুৰোধ জনায় । 26 জানুৱাৰী অৰ্থাৎ দেশে 74 সংখ্যক গণৰাজ্য দিৱস পালন কৰি থকাৰ দিনাও বিজেপিৰ সভাপতি সহ তিৱা স্বায়ত্ব পৰিষদৰ একাংশ বিষয় ববীয়া আৰু জিলা বিজেপিৰ সভাপতিয়ে মৰিগাঁৱৰ খানাথলীত পৰিৱেশন কৰা এটা বিশেষ গীতৰ তালে তালে নৃত্য কৰি থকা পৰিলক্ষিত হ’ল মৰিগাঁৱৰ বিধায়কগৰাকীক (Republic day in Assam) ৷

দিনে দিনে ন ন ৰূপত আৰ্বিভাৱ হোৱা বিধায়ক ৰমাকান্ত দেউৰীৰ শেহতীয়া কাণ্ড-কাৰখানাই চকু কপালত তুলিছে সচেতন ৰাইজৰ ৷ গৰাখহনীয়া ৰোধৰ লগতে শৈক্ষিক-সাংস্কৃতিক-স্বাস্থ্য সংক্ৰান্তীয় ক্ষেত্ৰত বৰ্তমানেও পিছ পৰি আছে তেখেতৰ সমষ্টিটোৰ ৰাইজ ৷ তাৰ পাছতো সমষ্টিৰ উল্লয়নৰ প্ৰতি পিঠি দি গান গাই,নাচি-বাগি ৰং-ৰহইচত বিধায়কগৰাকী মত্ত হোৱা দৃশ্যই প্ৰকৃততে যেন উদঙাই দেখুৱাইছে শাসনাধিষ্ঠিত চৰকাৰখনৰ স্বৰূপ ৷

লগত্ পঢ়ক : Republic day celebrated in Tamilnadu: ৰাষ্ট্ৰীয় পতাকালৈ গান্ধীমতীৰ প্ৰণাম

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.