Adi Mising Porin Kebang General Conference: অসম-অৰুণাচল সীমান্তত আদী মিচিং বাঃনৗ কৗবাঙৰ সাভা

By

Published : Jul 24, 2023, 5:14 PM IST

thumbnail

জোনাই, ২৪ জুলাই: অসম-অৰুণাচল সীমান্তৰ দেপৃ (Depi') গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত সোমবাৰে আদি মিচিং জনগোষ্ঠীৰ ছাত্র সংগঠন আদি- মিচিং পৰিন কৗবাঙৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ অধিবেশন অনষ্ঠিত হয় ৷ অসম অৰুণাচলত বসবাস কৰা আদি আৰু মিচিং জনগোষ্ঠীৰ মাজত শৈক্ষিক, সামাজিক একতা আৰু বিভিন্ন দিশত উত্তৰণৰ উদ্দেশ্যে ২০১৩ চনতে গঠন কৰা হৈছিল আদি মিচিং বাঃনৗ কৗবাং ৷

অসম-অৰুণাচলৰ প্ৰায় দুই শতাধিক প্ৰতিনিধিয়ে অংশগ্রহণ কৰে অনুষ্ঠানত ৷ উল্লেখ্য যে আদি-মিচিং জনগোষ্ঠীৰ বিভিন্ন সমস্যা, সীমা সমস্যা আৰু শৈক্ষিক, সামাজিক আৰু আদি-মিচিং জনগোষ্ঠীৰ ইতিহাসৰ বিষয়ে আলোচনা কৰে অধিবেশনত ৷ উক্ত অধিবেশনতে এখনি পূৰ্ণাংগ কেন্দ্রীয় নতুন কমিটি গঠন কৰে ৷ টুষাৰ ঙাটেক সভাপতি,  নাৰমি গিগে পেৰটিন আৰু আগষ্ট কুটুমক উপ-সভাপতি, কালিং ইকক সাধাৰণ সম্পাদক, ফ্ৰাঞ্চিচ পাতিৰ আৰু মিতেক তাগুক সহকাৰী সাধাৰণ সম্পাদক হিচাপে লৈ গঠন কৰে পূৰ্ণাংগ কেন্দ্রীয় নতুন কমিটিখন। 

লগতে পঢ়ক:Mising Teachers Association : ধেমাজি জিলা মিচিং শিক্ষক সমাজৰ সাধাৰণ সভা সম্পন্ন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.