ETV Bharat / state

Mising Teachers Association : ধেমাজি জিলা মিচিং শিক্ষক সমাজৰ সাধাৰণ সভা সম্পন্ন

author img

By

Published : Jul 21, 2023, 8:01 AM IST

জোনাইৰ চমকঙত ধেমাজি জিলা মিচিং শিক্ষক সমাজৰ সাধাৰণ সভা ৷ সভাত কৃতি শিক্ষাৰ্থীক আৰ্থিক সাহাৰ্য প্ৰদান কৰা, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বাবে সজাগতা সৃষ্টি কৰা, ন পে' ন ৱৰ্ক নীতিৰ পোষকতা আদি সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

Meeting of Dhemaji District Mising Teachers Association
মাজি জিলা মিচিং শিক্ষক সমাজৰ সাধাৰণ সভা

মাজি জিলা মিচিং শিক্ষক সমাজৰ সাধাৰণ সভা

জোনাই, ২১ জুলাই: সদৌ মিচিং শিক্ষক সমাজৰ ধেমাজি জিলা সমিতিৰ এখন সাধাৰণ সভা বৃহস্পতিবাৰে জোনাইৰ চমকং উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায় । ধেমাজি জিলা মিচিং শিক্ষক সমাজৰ সভাপতি গুণবিকাশ পেগুয়ে সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ধেমাজি জিলা মিচিং শিক্ষক সমাজৰ সাধাৰণ সম্পাদক চগেন পাইতে । দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা সভাখনত সদৌ মিচিং শিক্ষক সমাজৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ভগীৰথ মিলিয়ে সদৌ মিচিং শিক্ষক সমাজৰ লক্ষ্য, উদ্দেশ্য আৰু মিচিং সমাজৰ মাজত বৌদ্ধিক বিকাশৰ বাবে ভৱিষ্যতে গ্ৰহণ কৰিব লগা কাৰ্যপন্থা সন্দৰ্ভত বক্তব্য আগবঢ়ায় কয়, ' প্ৰগতিশীল আৰু শৈক্ষিক সমাজ নিৰ্মাণত শিক্ষকসকলে ভূমিকা ল’ব লাগিব ।'

সভাত শিক্ষক শিৱনাথ পেগু, কালীনাথ মিলি, চৰ্ৱণ দলে, দুৰ্গানন্দ টায়েই চৰকাৰে লোৱা বিদ্যালয় একত্ৰীকৰণৰ সিদ্ধান্তক বিৰোধিতা কৰি অসম চৰকাৰৰ শিক্ষা বিভাগত কৰ্মৰত শিক্ষকসকলক মিচিং ভাষা শিকোৱাৰ সুবিধা প্ৰদান কৰা কাৰ্যই মিচিং ভাষা জ্ঞান লাভ কৰা নতুন চাম যুৱক-যুৱতীয়ে ইয়াৰ পৰা বঞ্চিত হ’ব বুলি তাৎপৰ্যপূৰ্ণ মতামত আগবঢ়ায় । সভাত অংশগ্ৰহণ কৰি ধেমাজি জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহকাৰী সাধাৰণ সম্পাদক লুৰিণজ্যোতি চুংক্ৰাঙে কয় যে, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত চৰকাৰে শিক্ষা ব্যৱস্থা হাতত লৈছে ৷ সেয়ে ছাত্র-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত শৈক্ষিক সজাগতা বৃদ্ধি কৰি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি গুণগত শিক্ষা যাতে গ্ৰহণ কৰিব পাৰে সেই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় ।

সদৌ মিচিং শিক্ষক সমাজৰ উপদেষ্টা, শিক্ষা সম্পাদককে ধৰি বহু কৰ্ম-কৰ্তা উপস্থিত থকা সভাই শিক্ষক সংগঠনসমূহে গ্ৰহণ কৰা "ন পে' ন ৱৰ্ক" নীতিৰ দাবী সবলভাৱে কাৰ্যকৰী কৰা, বিভিন্ন পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি শিক্ষাৰ্থীক আৰ্থিক সাহাৰ্য আগবঢ়োৱা, সদৌ মিচিং শিক্ষক সমাজৰ লক্ষ্য-উদ্দেশ্যসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গাঁৱে গাঁৱে সভা অনুষ্ঠিত কৰা আদি কেতবোৰ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

সভাখনত সদৌ মিচিং শিক্ষক সমাজৰ ধেমাজি জিলাৰ কেবাগৰাকী বিষয়ববীয়া প্ৰমুখ্যে জ্যেষ্ঠ শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে ।

লগতে পঢ়ক : Protest in Guwahati on Manipur incident:মণিপুৰ কাণ্ডক লৈ গুৱাহাটীত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.