ষঠ পূজা উপলক্ষে নতুনকৈ চাৰিখন ৰে’লৰ সংযোজন উত্তৰ-পূব ৰে’লৱে মণ্ডলৰ

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 9:25 AM IST

Updated : Nov 17, 2023, 11:02 AM IST

thumbnail

তিনিচুকীয়া, 17 নৱেম্বৰ: দেশজুৰি উদযাপন কৰা হৈছে ষঠ পূজা ৷ ষট্‌ পূজাৰ উপলক্ষে উত্তৰ-পূব ৰে’লৱে মণ্ডলে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ কিয়নো বিগত বৰ্ষসমূহত ষঠ পূজাৰ সময়ত ৰে’লত যথেষ্ট যাত্ৰীৰ ভিৰ পৰিলক্ষিত হোৱাৰ লগতে অজস্ৰ সমস্যাৰ সৃষ্টি হয় ৷ যাৰ কাৰণে বিপদত পৰিছিল ৰে’ল বিভাগ ৷ গতিকে এই সমস্যাসমূহ দূৰ কৰিবৰ বাবে ৰে’লৱে বিভাগৰ উত্তৰ-পূব মণ্ডলে এইবাৰ তিনিচুকীয়াৰ পৰা নতুনকৈ দিল্লী, গৌৰীপুৰকে আদি কৰি বিভিন্ন স্থানলৈ ষঠ পূজাৰ উপলক্ষে চাৰিখন ৰে’লৰ সংযোজন কৰাৰ লগতে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে ৷

সেই হেতুকে বৃহস্পতিবাৰে সন্ধিয়া নিউ তিনিচুকীয়া ৰে’লৱে ষ্টেচনত উত্তৰ-পূব মণ্ডলৰ ৰে’ল প্ৰবন্ধক উত্তম প্ৰকাশৰ লগতে ৰে’লৱে বিভাগৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ এটা দল উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে ৷ ৰে’ল প্ৰবন্ধকগৰাকীয়ে সদৰী কৰে যে, ইতিমধ্যে এখন নতুন ৰে’ল যাত্ৰাৰ বাবে আৰম্ভ কৰিছে ৷ এই পূজাৰ বতৰত যাতে যাত্ৰীসকলৰ কোনো সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি প্ৰতিটো সময়তে সকলো সাজু থাকিব ৷ এইক্ষেত্ৰত যাত্ৰীসকলে সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক: ছেবা আৰু শিক্ষা সংসদৰ একত্রিকৰণ : কেবিনেটৰ অনুমোদন

Last Updated : Nov 17, 2023, 11:02 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.