ভিক্টৰ দাসৰ সন্দৰ্ভত ADCP পল্লৱ তামুলী মন্তব্য

By

Published : Sep 10, 2022, 5:28 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

শনিবাৰে এক সংবাদমেলযোগে ভিক্টৰ দাসৰ সন্দৰ্ভত মহানগৰীৰ উপ-আৰক্ষী আয়ুক্ত পল্লৱ তামুলীয়ে দাসৰ প্ৰতিটো মন্তব্যৰ বিপৰীতে তন্ন তন্নকৈ পৰীক্ষা কৰাৰ পিছত সকলো তথ্য মিছা বুলি মন্তব্য কৰে (ADCP Pallavi Tamuli comments on Victor Das) ৷ লগতে এই ঘটনাৰ লগত কোনো প্ৰাক্তন বিধায়ক জড়িত নহয় বুলিও অনুসন্ধান কৰি জানিব পৰা গৈছে বুলি উপ আৰক্ষী আয়ুক্তগৰাকীয়ে মন্তব্য কৰে ৷ ভিক্টৰ দাসে মিছা অভিযোগ উত্থাপন কৰি সমাজত সন্দেহ আৰু বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা চলাইছিল বুলিও উপ আৰক্ষী আয়ুক্ত পল্লৱ তামুলীয়ে উল্লেখ কৰে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ভিক্টৰ দাসৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 120(b) 505(b) 153 153(A) 384, 511 অধীনত পাণবজাৰ থানত 233/22 নম্বৰত গোচৰ ৰুজু কৰা হৈছে ৷ উল্লেখ্য যে, ভিক্টৰ দাসে অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত (Assam Govt Recruitment 2022) ধনৰ লেনদেন হোৱা বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, বিশেষ আৰক্ষী সঞ্চালক প্ৰধানক উদ্দেশ্যি এক টুইট কৰিছিল (Victor Das alleged corruption in recruitment) । ইয়াৰ পাছতেই উৰা বাতৰি বিয়পোৱাৰ অভিযোগ তুলি শুকুৰবাৰে দিনজোৰা জেৰাৰ অন্তত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভিক্টৰ দাসক (Victor Das arrested by Guwahati police) ৷

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.