Amdadul murder Case: ভুৱা কিন্নৰ হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 9:07 PM IST

thumbnail

গুৱাহাটী, ১ নৱেম্বৰ: ভুৱা কিন্নৰ আমদাদুল ইছলামৰ হত্যাকাণ্ডত অভিযুক্ত এজনক গ্ৰেপ্তাৰ কৰিছে চানমাৰী আৰক্ষীয়ে । আৰক্ষীৰ জালত পৰা অভিযুক্তটো ধুবুৰীৰ বিলাসীপাৰাৰ হামিদুল ইছলাম । হামিদুলৰ হাততে আছিল মৃত আমদাদুলৰ মোবাইল ফোন । আৰক্ষীয়ে আমদাদুলৰ মোবাইল লোকেচন ট্ৰেছ কৰি শিৱসাগৰত ধৰা পেলাইছিল হামিদুলক ।  

মৃত আমদাদুলক কিন্নৰ সমাজত প্ৰিয়ংকা বুলি জনাজাত আছিল । পূৰ্বে নালাপাৰাত ভাড়াতীয়া হিচাবে আছিল হামিদুল ইছলাম আৰুআমদাদুল ইছলাম । কিন্তু ৰহস্যজনকভাৱে আমদাদুল হত্যাৰ পিছতে শিৱসাগৰলৈ ৰাওনা হৈছিল হামিদুল । আজি আৰক্ষীয়ে হামিদুল ইছলামক মুখ্য় ন্য়ায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় ।  

আদালতলৈ নিয়াৰ পূৰ্বে হামিদুল ইছলামে কয়,"মোক ফচোৱা হৈছে । মই মোবাইলটো কিনিছিলো । মোবাইলটো মৃত আমদাদুল ওৰফে প্ৰিয়ংকাৰ নহয় । " ইপিনে,এই হত্যাকাণ্ডৰ সৈতে নাম সাঙোৰ খাই পৰা কেইবাগৰাকীও কিন্নৰক বিচাৰি আৰক্ষীৰ অপৰাধ শাখাই অভিযান অব্যাহত ৰাখিছে ।

উল্লেখ্য যে গ্ৰেপ্তাৰ হোৱা হামিদুলে ৩ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল । পাঁচ মহীয়া এটি সন্তানৰ পিতৃ হামিদুল । মিস্ত্ৰীৰ যোগালী হিচাপে কাম কৰি গুৱাহাটীত আছিল বুলি জানিছিল পৰিয়ালৰ লোকে ।

লগতে পঢ়ক:Amdadul murder Case: আমদাদুলৰ হত্যাকাৰীক বিচাৰি চলাথ কৰিছে চান্দমাৰী আৰক্ষীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.