Abhiruchi Sports Day 2023: মৰাণত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 10:24 AM IST

thumbnail

মৰাণ,৩ ছেপ্টেম্বৰ: অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আজি সমগ্ৰ ৰাজ্যতে বিভিন্ন কাৰ্যসূচীৰে উলহ-মালহেৰে উদযাপন কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱস ৷ মৰাণতো অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে সদৌ অসম ভিত্তিত প্ৰাইজমানি মাৰাথন দৌৰ প্ৰতিযোগিতা ৷ মৰাণৰ খোৱাং শেনচোৱাপুখুৰীৰ পৰা আৰম্ভ হোৱা এই মাৰাথান দৌৰ প্ৰতিযোগিতা পুৱা উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে ৷  

প্ৰতিযোগিতা উদ্বোধন কৰি মন্ত্ৰীজনে নৱ প্ৰজন্মক ক্ৰীড়াৰ জৰিয়তে আগুৱাই যাবলৈ আহ্বান জনায় ৷ অনুষ্ঠানত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰে ৷ এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পাঁচ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে ৷ শেনচোৱা পুখুৰীৰ পৰা আৰম্ভ হোৱা এই মাৰাথান দৌৰ প্ৰতিযোগিতা সামৰণি পৰে মৰাণ মহাবিদ্যালয় খেলপথাৰত ৷  

লগতে পঢ়ক: NDA Meets in Tinsukia: ৰেচন কাৰ্ড, অৰুণোদয় আৰু নিবনুৱা যুৱকৰ বাবে বিশেষ পেকেজ লৈ লোকসভা নিৰ্বাচনলৈ সাজু NDA

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.