Power crisis in Dhemaji :ধেমাজিত নিয়মীয়া বিদ্য়ুৎ যোগানৰ দাবীত আছুৰ বিক্ষোভ

By

Published : Aug 19, 2023, 7:32 PM IST

thumbnail

ধেমাজি, ১৯ আগষ্ট : অসম চৰকাৰৰ ২৪ ঘন্টাই বিদ্যুৎ যোগানৰ শ্ল'গান অসাৰ হোৱাৰ অভিযোগ উত্থাপন কৰিছে বৰদলনি আঞ্চলিক ছাত্ৰ সন্থাই । ধেমাজি জিলাৰ বৰদলনি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৃহত্তৰ বৰদলনি অঞ্চলত নিয়মীয়া বিদ্যুৎ যোগানত বিজেপি চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদত আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয় । বৰদলনি তিনিআলিস্থিত ছাত্ৰ সন্থাৰ কাৰ্যালয় পৰা শতাধিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে এক প্ৰতিবাদী সমদল উলিয়াই বৰদলনি উপ খণ্ড বিদ্যুৎ সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।  

বিজেপি চৰকাৰৰ বিৰোধী বিভিন্ন শ্লোগানে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাৰ কৰ্মীসকলে । ছাত্ৰ সন্থাৰ কৰ্মীসকলে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাক ধিক্কাৰ দিয়ে । 

লগতে পঢ়ক:Power crisis in Bihpuria:বিহপুৰীয়াত বিদ্যুতৰ লুকাভাকুত অতিষ্ঠ ৰাইজৰ মাজনিশা প্ৰতিবাদ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.