AAP protest:সঘনাই লোডশ্বেডিং মাত্ৰাধিক বিদ্যুৎ মাছুলৰ বিৰোধিতাৰে আম আদমী পাৰ্টীৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 6:53 PM IST

thumbnail

কোকৰাঝাৰ, ২০ ছেপ্টেম্বৰ : সঘনাই লোডশ্বেডিঙৰ সমস্যা, বিদ্যুৎ কৰ্তন ৰোধ আৰু বিদ্যুৎ মাছুল হ্ৰাস কৰাৰ দাবীত কোকৰাঝাৰত বুধবাৰে আম আদমী পাৰ্টীয়ে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বুধবাৰে পুৱা ১০:৩০ বজাৰ পৰা কোকৰাঝাৰ এপিডিচিএল কাৰ্যালয়ৰ সন্মুখত আম আদমী পাৰ্টীৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৷ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণেৰে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টীৰ কৰ্মীসকলে ৷

প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত আম আদমী পাৰ্টীৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি ৰিনদাও ব্ৰহ্ম আৰু সম্পাদক ছামান বসুমতৰীসহ দলটোৰ অৰ্ধশতাধিক কৰ্মীয়ে অংশ গ্ৰহণ কৰে ৷ হাতে হাতে প্লে কাৰ্ড লৈ ধৰ্ণা কাৰ্যসূচীত অংশ লোৱা প্ৰতিবাদকাৰীসকলে সঘনাই বিদ্যুৎ কৰ্তন বন্ধ কৰক, অত্যাধিক বিদ্যুৎ মাছুল হ্ৰাস কৰক, শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা হায় হায় , বিজেপি চৰকাৰ হায় হায় আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ ইপিনে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অংশ লোৱা আম আদমী পাৰ্টীৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি আৰু সম্পাদকদ্বয়ে শক্তি বিভাগৰ ধাৰাবাহিক লোডশ্বেডিঙৰ তাণ্ডৱ বন্ধ কৰি জনসাধাৰণক নিয়মীয়া বিদ্যুৎ যোগান ধৰাৰ দাবী জনাই ৷

লগতে পঢ়ক : Power Minister effigy burnt:চিলাপথাৰৰ ৰাজপথত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ জুমুঠি দাহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.