AAMSU Protest in Barpeta : বৰপেটাত উচ্ছেদৰ বিৰুদ্ধে আমছুৰ জনতাৰ প্ৰতিবাদ কাৰ্যসূচী

By

Published : Jan 28, 2023, 8:57 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

বৰপেটা, ২৮ জানুৱাৰী : বৰপেটাৰ কয়াকুছিত শনিবাৰে আমছুৰ উদ্যোগত ৰূপায়ণ কৰা হয় 'জনতাৰ প্ৰতিবাদ' কাৰ্যসূচী (AAMSU protest in Barpeta) ৷ উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন আৰু অমানৱীয় উচ্ছেদ বন্ধৰ দাবীত চৰকাৰৰ বিৰুদ্ধে এই জনতাৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে আমছুৱে (AAMSU protest against eviction) ।

আনহাতে, হেজাৰোধিক ৰাইজক সম্বোধি আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়নিও প্ৰদান কৰে ৷ লগতে প্ৰতিবাদস্থলীত আমছুৰ সভাপতিৰ ঘোষণা- জিলাই জিলাই অনুষ্ঠিত হ'ব জনতাৰ এই প্ৰতিবাদী সভা (AAMSU Janatar Pratibad protest) ৷

আনহাতে, শনিবাৰৰ প্ৰতিবাদী সভাত আমছুৰ সভাপতিগৰাকীয়ে প্ৰকাশ কৰে যে ২০ খন জিলাত জনতাৰ প্ৰতিবাদী সভা অনুষ্ঠিত হ'ব (AAMSU criticized Assam CM) । কিন্তু এই প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ পিছতো যদি সংখ্যালঘু ৰাইজক নিঃশেষ কৰাৰ কাৰ্য তথা উচ্ছেদ বন্ধ নকৰে তেন্তে দিছপুৰ চলো কাৰ্যসূচী গ্ৰহণ কৰিব আমছুৱে ৷

উল্লেখ্য, শনিবাৰে বৰপেটাৰ কয়াকুছিত অনুষ্ঠিত আমছুৰ জনতাৰ প্ৰতিবাদ শীৰ্ষক সভাত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে এই সকীয়নি প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক (CM Himanta Biswa Sarma) । ৰাজ্যত চলি থকা উচ্ছেদৰ বিৰুদ্ধে আমছুৰ নেতৃত্বত আয়োজন কৰা এই বিশাল জনতাৰ প্ৰতিবাদ শীৰ্ষক প্ৰতিবাদী সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমছুৰ নেতা-কৰ্মীৰ লগতে উপস্থিত থাকে স্থানীয় ৰাইজ ৷ উক্ত প্ৰতিবাদী সভাত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে ৷

আনহাতে, মুখ্যমন্ত্ৰীক মিছলীয়া আখ্যাও দিয়ে আমছুৰ সভাপতিগৰাকীয়ে । লগতে এইক্ষেত্ৰত একপ্ৰকাৰ নিশ্চুপ হৈ থকা সংখ্যালঘু বিধায়ক-সাংসদসকলকো সকীয়নি প্ৰদান কৰে আমছুৱে । সংখ্যালঘু বিধায়ক-সাংসদসকলক তীব্ৰ সমালোচনা কৰি ৰেজাউল কৰিম সৰকাৰে কয়, মুখ্যমন্ত্ৰীয়ে বুলড'জাৰ চলাব আৰু আপোনালোকে মুখত চেলো টেপ মাৰি মনে মনে থাকিব । এয়া সহ্য কৰা নহ'ব ৷

ইয়াৰ প্ৰতিবাদ নহ'লে আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০২৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰো হুংকাৰ দিয়ে আমছুৰ তৰফৰ পৰা ৷ আনহাতে, প্ৰয়োজন হ'লে সংখ্যালঘু সাংসদ-বিধায়কৰ ভূমিত উচ্ছেদিত পৰিয়‍ালক আশ্ৰয় ল'বলৈও আহ্বান জনাব আমছুৱে ।

লগতে পঢ়ক :Major reshuffle in Assam administration : ৰাজ্য চৰকাৰৰ প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.