ETV Bharat / state

Major reshuffle in Assam administration : ৰাজ্য চৰকাৰৰ প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল

author img

By

Published : Jan 28, 2023, 4:22 PM IST

ৰাজ্যৰ প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল (Major reshuffle in Assam administration) ৷ ৰাজ্য চৰকাৰে এক নিৰ্দেশ যোগে প্ৰশাসনৰ শীৰ্ষ মহলত বহুকেইটা পদবীৰ ৰদ-বদলৰ কথা ঘোষণা কৰিছে ৷

Major reshuffle in Assam administration
প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ৰদ-বদল

গুৱাহাটী, ২৮ জানুৱাৰী : ৰাজ্য চৰকাৰে এক নিৰ্দেশযোগে প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল কৰিছে (Major reshuffle in Assam administration)। সেই অনুসৰি উচ্চ শিক্ষা বিভাগৰ সচিব, সমবায় সমিতিৰ পঞ্জীয়ক তথা 'ৰুচা'ৰ এম ডি নাৰায়ণ কোঁৱৰক স্কুল শিক্ষা বিভাগৰ সচিবৰ দায়িত্ব অতিৰিক্তভাৱে দিয়া হৈছে ।

আনহাতে, তিনিচুকীয়াৰ উপায়ুক্ত পাৱাৰ নৰছিং সম্ভাজীক বিত্ত বিভাগৰ সচিব হিচাপে বদলি কৰা হৈছে । বিত্ত বিভাগৰ যুটীয়া সচিব স্বপ্নীল পালক তিনিচুকীয়াৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে । তিতাবৰ চাব-ডিভিজনৰ এডিচি গায়ত্ৰী দেৱীদাস হায়ালিঙক বিত্ত বিভাগৰ উপ-সচিব হিচাপে বদলি কৰা হৈছে ।

Major reshuffle in Assam administration
প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ৰদ-বদল

গৃহ বিভাগৰ উপ-সচিব ৰাহুল কুমাৰ গুপ্তাক তিতাবৰ মহকুমাৰ এডিচি হিচাপে নিযুক্তি দিয়া হৈছে । ৰঙিয়া মহকুমাৰ এডিচি জাভিৰ ৰাহুল সুৰেশক সাধাৰণ প্ৰশাসনিক বিভাগৰ উপ-সচিব হিচাপে বদলি কৰা হৈছে । কামৰূপ মহানগৰ জিলাৰ এডিচি জয় শিৱানীক বিশ্বনাথ মহকুমাৰ এডিচি হিচাপে বদলি কৰা হৈছে ।

আনহাতে, কাহিলিপাৰাৰ চতুৰ্থ অসম আৰক্ষী বাহিনীৰ অধিনায়ক শিলাদিত্য চেতিয়াক গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিবৰ দায়িত্ব দিয়া হৈছে । সেইদৰে এছ বিৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ক এ এছ ডি এম এৰ প্ৰকল্প সঞ্চালক হিচাপে বদলি কৰা হৈছে । দৰঙৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাক মহিলা আৰু শিশু বিকাশ বিভাগৰ অতিৰিক্ত সচিব হিচাপে বদলি কৰা হৈছে (Reshuffle at top level of Assam administration) ।

Major reshuffle in Assam administration
প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল কৰিছে

ধেমাজিৰ উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যক গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত সচিব হিচাপে বদলি কৰা হৈছে । ভূমি সংৰক্ষণ বিভাগৰ অতিৰিক্ত সচিব পল্লৱী ফুকনক ধেমাজিৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে । বজালীৰ এছ ডি অ’ কাৱেৰী বৰকাকতি শৰ্মাক মাজুলীৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে ।

আনহাতে, ডিমা হাছাওৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে হোজাইৰ এছ ডি অ’ সীমান্ত কুমাৰ দাসক । তামুলপুৰৰ এছ ডি অ’ বিদ্যুৎ বিকাশ ভাগৱতীক দক্ষিণ শালমৰাৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে । গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ উপ সচিব পূৰৱী গগৈক বজালী মহকুমাৰ এডিচি হিচাপে বদলি কৰা হৈছে ।

মাজুলীৰ উপায়ুক্ত পুলক মহন্তক যোৰহাটৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে । বিশ্বনাথৰ এছ ডি অ’ মুনিন্দ্ৰ নাথ নাগটেক দৰঙৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে । বৰপেটাৰ এডিচি লাচিত কুমাৰ দাসক হোজাই মহকুমাৰ এডিচি হিচাপে বদলি কৰা হৈছে ।

এ আই জি পি মানৱেন্দ্ৰ দেৱ ৰয়ক আই এণ্ড পি আৰ বিভাগৰ যুটীয়া সচিব হিচাপে বদলি কৰা হৈছে । তিনিচুকীয়াৰ এডিচি ডিপু কুমাৰ ডেকাক ভূমি সংৰক্ষণ বিভাগৰ উপ-সচিব হিচাপে বদলি কৰা হৈছে । গহপুৰ মহকুমাৰ এডিচি দ্বীপেন বৰ্মনক ৰঙিয়া মহকুমাৰ এডিচি হিচাপে বদলি কৰা হৈছে ।

লগতে পঢ়ক : Major reshuffle in Assam Police : তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ পৰা অব্যাহতি জি পি সিঙক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.