Nellie Mass Killing : নেলী হত্যাকাণ্ডৰ প্ৰতিবাদত মৰিগাঁৱত আমছুৰ ক'লা দিৱস

By

Published : Feb 18, 2023, 10:49 PM IST

thumbnail

মৰিগাঁও, ১৮ ফেব্ৰুৱাৰী : শনিবাৰে মৰিগাঁৱৰ নেলীত ১৯৮৩ চনৰ নেলী গণহত্যাৰ প্ৰতিবাদত আমছুৱে ক'লা দিৱস পালন কৰে (AAMSU black day in Morigaon) । সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত বুৰাবুৰী আঞ্চলিক আমছুৰ সহযোগত বুৰাবুৰীত শনিবাৰে ক'লা দিৱস পালন কৰা হয় । উল্লেখ্য যে প্ৰতি বছৰে ১৮ ফেব্ৰুৱাৰী তাৰিখে আমছুৱে ক'লা দিৱস পালন কৰি আহিছে (massacre in Assam movement) ।

অভিশপ্ত ১৯৮৩ চনতে নেলীৰ গণহত্যাত মৃত্যু হোৱা ব্যক্তিৰ (1983 Nellie massacre) পৰিয়ালক ন্যায় প্রদান নকৰা আৰু তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নকৰাৰ প্ৰতিবাদত আমছুৰ উদ্যোগত প্ৰতিবছৰে ১৮ ফেব্ৰুৱাৰীৰ দিনটো ক'লা দিৱস হিচাবে পালন কৰি আহিছে আমছুৱে (Tiwari commission for Nellie massacre) । একেদৰে শনিবাৰে মৰিগাঁও জিলা আমছুৰ অন্তৰ্গত বুৰাবুৰী আঞ্চলিক আমছুৰ উদ্যোগত ৰাজহুৱা স্থানত ক'লা বেজ পৰিধান কৰি এক প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে ।

আমছুৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা কাৰ্যসূচীত দোৱা-প্ৰাৰ্থনাৰে গণহত্যাত মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰে । লগতে সোনকালে উক্ত গণহত্যাত মৃত্যু হোৱা প্ৰায় ৩,৫০০ জন নিৰীহ ব্যক্তিৰ পৰিয়লক ন্যায় প্ৰদান কৰিবলৈও চৰকাৰক আহ্বান জনায় (AAMSU protest against Nellie mass killing) ।  

উল্লেখ্য, নেলীৰ হত্যাকাণ্ড হৈছে ১৯৮৩ চনত নগাঁও জিলাৰ নেলীত সংঘটিত সন্দেহজনক অবৈধ অনুপ্ৰৱেশকাৰীৰ হত্যাকাণ্ড (Assam movement 1983) । উক্ত বৰ্ষৰ ১৮ ফেব্ৰুৱাৰীৰ দিনা প্ৰায় ছঘণ্টাজুৰি চলিছিল এই হত্যালীলা । চৰকাৰী হিচাবত ২,১৯১ জন লোকৰ প্ৰাণহানি হোৱা বুলি দেখুৱালেও বেচৰকাৰী সূত্ৰ মতে উক্ত সংখ্যা প্ৰায় ১০,০০০ । এই ঘটনাত ১৪ খন গাঁও আক্ৰান্ত হৈছিল ।

সেইকেইখন হৈছে আলিসিংহ, খোলাপথাৰ, বসুন্ধাৰী, বুগডুবা বিল, বুগডুবা হাবি, বৰজলা, বুতুনী, ইন্দুৰমাৰী, মাটি পৰ্বত, মুলাধাৰী, মাটি পৰ্বত নং ৮, শিলভেটা, বৰবুৰী আৰু নেলী । আনহাতে, আক্ৰান্তসকলৰ বেছিভাগেই অসমলৈ বাংলাদেশৰ পৰা প্ৰব্ৰজিত মুছলমান সম্প্ৰদায়ৰ লোক আছিল বুলি কোৱা হয় । আনহাতে, সংখ্যালঘু সম্প্ৰদায়ৰ লোকক পৰিকল্পিতভাৱে বিদেশী আখ্যা দিয়াৰো পৰৱৰ্তী সময়ত অভিযোগ উঠিছিল ।

লগতে পঢ়ক :Chowk Bazar Fire : ধ্বংসস্তূপৰ মাজত অতীত বিচাৰি হাহাকাৰ ব্যৱসায়ীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.