AAP protest:নলবাৰীত দুৰ্নীতি আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে আম আদমী পাৰ্টীৰ উত্তাল প্ৰতিবাদ

By

Published : Jun 7, 2023, 2:04 PM IST

thumbnail

নলবাৰী, ৭ জুন : এ পি ডি চি এলৰ অত্যাধিকভাৱে বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ লগতে জল জীৱন মিছন আচঁনিত সংঘটিত দুৰ্নীতিৰ তদন্তৰ দাবীত বুধবাৰে আম আদমী পাৰ্টী নলবাৰী জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে  ৷  আজি নলবাৰী চহৰৰ মাজমজিয়াৰ হৰিমন্দিৰ চ’কত আম আদমী পাৰ্টীৰ নলবাৰী জিলা সমিতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায়, জল জীৱন মিছন আচঁনিৰ দুৰ্নীতিৰ তদন্ত কৰক, বিদ্যুতৰ মূল্যবৃদ্ধি বন্ধ কৰক আদি শ্ল’গান দি ৰাজপথ কঁপাই তোলে (AAP protest against corruption and price hike) ৷

আনহাতে নলবাৰী জিলা আপৰ সভাপতি আনচুল হকে বিজেপি চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ আনকি বিজেপি চৰকাৰে বিদ্যুত মাচুল বৃদ্ধি কৰি ফেন বন্ধ কৰি গছৰ তলত বহিবলৈ কোৱা কথাষাৰ এক টুলুঙা মন্তব্য বুলি কটাক্ষ কৰে জিলা সভাপতি গৰাকীয়ে ৷ সেয়ে বিজেপি চৰকাৰক দিছপুৰৰ গাদী এৰি দিবলৈ দাবী জনায় ৷ উল্লেখ্য যে, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিদ্যুৎ মাচুল পুনৰ বৃদ্ধি কৰাৰ সন্দৰ্ভত সাংবাদিকৰ আগত এক টুলুঙা মন্তব্য আগবঢ়াইছিল । যাৰ পিছতে এতিয়া সমগ্ৰ ৰাজ্যতে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : BJP Maha Jansampark campaign:"মহা জনসম্পৰ্ক অভিযান” সন্দৰ্ভত বিজেপি OBC মৰ্চাৰ সাংগঠনিক সভা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.