Drugs seized:ধনশিৰিত বুজন পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইনসহ মহিলা সৰবৰাহকাৰী আটক

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 4:03 PM IST

thumbnail

ডিফু, ২৩ ছেপ্টেম্বৰ : কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ ধনশিৰিত বুজন পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইনসহ এগৰাকী মহিলা সৰবৰাহকাৰী আটক হোৱা ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ শনিবাৰে ডিফু আৰক্ষীৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি শুকুৰবাৰে কাৰ্বি আংলং জিলা আৰক্ষীৰ অতিৰিক্ত জিলা আৰক্ষী অধীক্ষক (নিৰাপত্তা)ৰ পৰা লাভ কৰা এক গোপন খবৰৰ ভিত্তিত জিলা উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত ডিফু থানাৰ অ’চি, ধনশিৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু থানা ষ্টাফৰ সহযোগত ডিমাপুৰৰ এগৰাকী মহিলাক হেৰ’ইনসহ আটক কৰা হয় ৷

ধনশিৰি ৰে’ল ষ্টেচনত তালাচী চলাই মহিলা গৰাকীয়ে পিন্ধি থকা অন্তৰ্ৱাসত লুকুৱাই ৰখা অৱস্থাত ১২ টা চাবোনৰ বাকচৰ পৰা ১৩৮'৫৫ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ সন্দেহযুক্ত হেৰ’ইনখিনি নিৰপেক্ষ সাক্ষীৰ উপস্থিতিতে জব্দ কৰা হয় ৷ আৰক্ষীয়ে আটক কৰা সন্দেহযুক্ত হেৰ’ইন সৰবৰাহৰ লগত জড়িত থকা এই মহিলাগৰাকীৰ ঘৰ নগাঁও জিলাৰ ৰহা থানা এলেকাৰ কচুধৰা গাঁৱত বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত ধনশিৰি আৰক্ষী চকীত ২২ ছেপ্টেম্বৰত ৩৯৪ নম্বৰত দৈনিক পঞ্জী দৰজ দি ডিফু থানাত এক গোচৰ ৰুজু কৰা হ’ব বুলিও বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷ অধিক তথ্য উদঘাটনৰ উদ্দেশ্যে ধৃত মহিলাগৰাকীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Drugs seized: চিলাপথাৰত ড্ৰাগছসহ মহিলা ড্ৰাগছ সৰবৰাহকাৰী আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.