Attempt to rape : মহানগৰীত মহিলাক ধৰ্ষণৰ অপচেষ্টা

By

Published : Jul 19, 2023, 11:10 AM IST

thumbnail

গুৱাহাটী, 19 জুলাই: মহানগৰীত মহিলাক ধৰ্ষণৰ অপচেষ্টা । মহানগৰীৰ লখৰাত সংঘটিত হৈছে এই ঘটনা । অনৈতিক কাৰ্য সংঘটিত কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল এজন যুৱক । ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা যুৱকজন নিখিল কুমাৰ বুলি জানিবলৈ পৰা গৈছে । ঘৰত কোনো নথকাৰ সুযোগত এগৰাকী মহিলাৰ ঘৰত অসৎ কামনা চৰিতাৰ্থ কৰাৰ উদ্দেশ্যৰে সোমাইছিল বুলি স্থানীয় লোকে অভিযোগ তোলে ৷ 

মহিলাগৰাকীৰ কোঠাত প্ৰৱেশ কৰিয়েই দৰ্জাৰ হুক লগায় দিয়াত চিঞৰ বাখৰ লগায় মহিলাগৰাকীয়ে । মহিলাগৰাকীৰ চিঞৰ শুনি লগে লগে ঘটনাস্থলীত উপস্থিত হয় ওচৰ চুবুৰীয়া লোক । স্থানীয় লোক উপস্থিত হৈ যুৱকজনক আটক কৰি উত্তম মাধ্যম শোধাই গতাই দিয়ে আৰক্ষীক । সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক :  ABSU slams arup kumar dey : বিজেপিৰ অৰূপ কুমাৰ দে’ক সাৱধানবাণী এবছুৰ সভাপতিৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.