ETV Bharat / state

ABSU slams arup kumar dey : বিজেপিৰ অৰূপ কুমাৰ দে’ক সাৱধানবাণী এবছুৰ সভাপতিৰ

author img

By

Published : Jul 19, 2023, 10:14 AM IST

ABSU slams EM arup kumar dey
এবছুৰ সভাপতি দ্বীপেন বড়ো

বিটিআৰৰ কাৰ্যবাহী সদস্য তথা বিজেপি নেতা অৰূপ কুমাৰ দে’ৰ মন্তব্যক লৈ এবছুৰ প্ৰতিক্ৰিয়া ৷ অৰূপ কুমাৰ দে’ক একপ্ৰকাৰ সাৱধানবাণী শুনালে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷

বিজেপিৰ অৰূপ কুমাৰ দে’ক সাৱধানবাণী এবছুৰ সভাপতিৰ

কোকৰাঝাৰ, 19 জুলাই: বিজেপিৰ নেতা তথা বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে । মঙলবাৰে কোকৰাঝাৰত অৰূপ কুমাৰ দে’ৰ মন্তব্যক লৈ সংবাদ মাধ্যমে সোধা এক প্ৰশ্নৰ উত্তৰত এবছুৰ সভাপতি দ্বীপেন বড়োৱে কয় যে কোনোবাই যদি কাৰোবাৰ মূৰত কঠাল ভাঙি বিটিআৰত চলিব বিচাৰিছে তেনেহলে পৰিণাম ভয়াৱহ তথা বিষম হ'ব । শ্বহীদৰ কেঁচা তেজৰ আত্মবলিদানেৰে গঠন হোৱা বিটিচি বা বিটিআৰত তেওঁ কোনটো আন্দোলনত জড়িত আছিল এবছু নে এনডিএফবি বুলি প্ৰশ্ন উত্থাপন কৰে ৷

ৰাইজে নিৰ্বাচিত কৰি পঠোৱা বিটিচি চৰকাৰৰ দায়ৱদ্ধতা পালন কৰিবলৈ আহ্বান জনাইছে দ্বীপেন বড়োৱে । বেলেগৰ মূৰত কঁঠাল ভাঙি খোৱা চিন্তা বাদ দিবলৈ কোৱাৰ লগতে তেনেকুৱা মন্তব্য কৰিলে সহ্য কৰা নহ’ব বুলিও কয় নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷ লগতে, হাত সাৱটি বহি নাথাকে বুলিও সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ।

উল্লেখ্য যে বিজেপিৰ নেতা তথা বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ দে' কিছুদিন পূৰ্বে বিজেপিয়ে ইচ্ছা কৰিলে এক ছেকেণ্ডত চৰকাৰ বনাব পাৰে বুলি মন্তব্য কৰিছিল । এই মন্তব্যৰ পিচতে ইউপিপিএলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে বিজেপিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ক চুপাৰ ই এম আখ্যা দি অৰূপ কুমাৰ দে’ৰ বিৰুদ্ধে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিল । সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে লগতে প্ৰতিক্ৰিয়া আগবঢ়ায় কৈছিল, অৰূপ কুমাৰ দে'ৰ বক্তব্য চৰকাৰৰ বাবে ভাল নহয় আৰু অৰূপ কুমাৰ দে'ৰ বক্তব্য বিজেপি আৰু ইউপিপিএল দলৰ মিত্ৰতাৰ বাবে ভাল নহয় ।

লগতে পঢ়ক : Rape and murder in Cachar : যুৱতীক ধর্ষণ কৰি হত্যাৰ প্ৰতিবাদত উত্তপ্ত শিলচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.