Drugs seized at Sonari:যাত্ৰীবাহী ৰেলত উদ্ধাৰ হ’ল বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ

By

Published : May 25, 2023, 7:19 AM IST

thumbnail

ডিব্ৰুগড়, 25 মে’ : সোণাৰিৰ ভজো ৰে'ল ষ্টেচনত যাত্ৰীবাহী ৰে’লত উদ্ধাৰ হ’ল বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ । উজনিমুৱা যাত্ৰীবাহী ৰে’লৰ পৰা উদ্ধাৰ কৰা ড্ৰাগছখিনিৰ সৈতে সৰবৰাহকাৰী দুই যুৱক-যুৱতীক আটক কৰিছে আৰক্ষীয়ে । আটকাধীন দুই ক্ৰমে কামাখ্যা মৰাণ আৰু কল্পনা মুছাহাৰী বুলি জানিব পৰা হৈছে । ডিমাপুৰৰ পৰা তিনিচুকীয়ালৈ সৰবৰাহ কৰাৰ সময়তে সোণাৰি আৰক্ষীৰ জালত পৰে দুয়ো (drugs seized at Sonari)৷

গোপন সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি সোণাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনিল মৰাঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলাইছিল অভিযান । আৰক্ষীৰ অভিযানত উদ্ধাৰ হোৱা নিষিদ্ধ ড্ৰাগছখিনৰ বজাৰ মূল্য কেইবালাখ টকা হ’ব বুলি জানিব পৰা গৈছে (A reasonable amount of drugs seized at Sonari) । দহটা চাবোনৰ বাকচত অনা হৈছিল ড্ৰাগছখিনি । সম্প্ৰতি সোণাৰি আৰক্ষী থানাত দুয়োৰে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : Rhino terror at Kaliabar: গঁড়ৰ মুক্ত বিচৰণত ত্ৰাসিত কলিয়াবৰবাসী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.