Suspected death: গৰাকী বিহীন ঘৰত যুৱতীৰ মৃতদেহ; চাৰি যুৱকৰ সৈতে আহিছিল ঘৰটোলৈ...

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 11:16 AM IST

thumbnail

ডিব্ৰুগড়, 4 আগষ্ট : ডিব্ৰুগড়ৰ বাণীপুৰৰ ঢেকেৰী গাঁৱত চাঞ্চল্যকৰ ঘটনা । এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰি পৰিকল্পিত হত্যাৰ অভিযোগ উত্থাপন হৈছে । বাণীপুৰত এটা গৃহত চিপ লোৱা অৱস্থাত যুৱতী গৰাকীক উদ্ধাৰ কৰে আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত ইতিমধ্যে গাভৰুপথাৰ আৰক্ষীয়ে আটক কৰিছে চাৰিজন যুৱকক । আটকাধীন লোক কেইজন বিশ্বজিত বাগটি, কিশোৰ বাউৰী, ৰোহিত আৰু ৰবি দাস ৷ ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । ইফালে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে AMCH লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, যুৱতীগৰাকী পৰিচিত নহয় । ঘটনা সংঘটিত হোৱা ঘৰটোলৈ প্ৰায়ে যুৱক-যুৱতী আহে ৷ উক্ত ঘৰটো মদ, জুৱাৰ ঘাটিলৈ ৰূপান্তৰিত হোৱাৰ লগতে অনৈতিক কাণ্ড সংঘটিত হৈ আহিছে । স্থানীয় ৰাইজে এই ক্ষেত্ৰত বাধা দিয়ে যদিও বন্ধ হোৱা নাছিল এই কাৰ্য । দেওবাৰে দুপৰীয়াৰ পৰাই উক্ত ঘৰটোত মদৰ আড্ডা আৰম্ভ হৈছিল আৰু উপস্থিত আছিল আটক হোৱা যুৱকসহ মৃত যুৱতীগৰাকী । ঘৰটোত সেই সময়ত গৰাকী উপস্থিত নাছিল । ইয়াৰ পাচতেই সন্ধিয়া যুৱতীগৰাকীক স্থানীয় ৰাইজে চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ পিচে আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব মৃত যুৱতীগৰাকীৰ প্ৰকৃত পৰিচয় ।

লগতে পঢ়ক:MP Rameswar Teli: ‘‘কংগ্ৰেছে ঢোল বজালেও এতিয়া অসমৰ ৰাইজে নানাচে’’; তেলীৰ দৃঢ় বিশ্বাস

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.