ধুবুৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত এজন নিহত

By

Published : Jun 25, 2022, 9:26 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

শনিবাৰে ধুবুৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নন্দিনীৰ পাৰত সংঘটিত হয় এটা শোকাৱহ পথ দুৰ্ঘটনা (road accident on NH-17 in Dhubri)। অসম বংগ সীমান্তৰ পৰা ধুবুৰী অভিমুখে গৈ থকা AS16 D 9352 নম্বৰৰ বাইকখনক পিছফালৰ পৰা এখন ট্ৰাকে মহতিয়াই নিয়ে ৷ তীব্ৰবেগী ট্ৰাকৰ খুন্দাত তাহাজ উদ্দিন নামৰ এজন বাইক আৰোহী থিতাতে নিহত হোৱাৰ লগতে আহত হয় মতিয়ৰ ৰহমান নামৰ আনজন আৰোহী । ইয়াৰ পিছতে স্থানীয় ৰাইজে আহত মতিয়ৰ ৰহমানক ততাতৈয়াকৈ ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰে ৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন আবদ্ধ কৰি বালাজান আৰক্ষীয়ে গোলকগঞ্জ আৰক্ষীক চমজাই দিয়ে ।

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.