Affing and Gold seized: গুৱাহাটী ৰে’লৱে ষ্টেচনত সোণসহ বৃহৎ পৰিমাণৰ কানি আফিং

By

Published : Feb 14, 2023, 4:32 PM IST

thumbnail

গুৱাহাটী, ১৪ ফেব্ৰুৱাৰী: গুৱাহাটী ৰে'লৱে ষ্টেৱনত বৃহৎ পৰিমাণৰ সোণ, আফিং জব্দ (Affing and Gold seized in Guwahati Railway Station) । গোপন সূত্ৰৰ পম খেদি ৰে'ল আৰক্ষীয়ে অভিযান চলায় দুখন ট্ৰেইনৰ পৰা জব্দ কৰে সোণ আৰু আফিংখিনি । তেজস্ব আৰু পূৰ্বোত্তৰ চম্পকক্ৰান্তি এক্সপ্ৰেছ দুখনৰ পৰা জব্দ কৰে সোণ আৰু আফিংখিনি । জি আৰ পিৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰসেনজিৎ দাসে জনোৱা অনুসৰি, গোপন সূত্ৰৰ পম খেদি অভিযান চলায় মংগলবাৰে পুৱা প্ৰায় ৬:৫০ বজাত পৰিত্যক্ত অৱস্থাত থখা এটা বেগৰ পৰা উদ্ধাৰ কৰা হয় আফিংখিনি (Huge amount of Affing seixed in Guwahati) । 

প্ৰায় ৫ কেজি ওজনৰ আফিংখিনি জব্দ কৰে যদিও কোনো লোক আটক কৰিবলৈ সক্ষম হোৱা নাই ৰে'লৱে আৰক্ষী (Smuggler arrested with gold) । আনহাতে ৭:১৫ বজাত তেজস্ব এক্সপ্ৰেছৰ পৰা জব্দ কৰে সোণখিনি । লগতে গ্ৰেপ্তাৰ কৰে দুটাকৈ সৰবৰাহকাৰীক । ধৃত সৰবৰাহকাৰী দুটা ক্ৰমে মনিপুৰৰ মহম্মদ আচলাম শেখ আৰু মহম্মদ হাফিজ য়াচিম । সোণখিনি মনিপুৰৰ পৰা দিল্লীলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰীকেইটাই (Gold seized in Guwahati) । 

জব্দ হোৱা সোণখিনিৰ ওজন প্ৰায় ১ কিলোগ্ৰাম হ'ব বুলি উল্লেখ কৰে আৰক্ষী বিষয়াগৰাকীয়ে । জব্দ হোৱা সোণখিনিৰ মূল্য প্ৰায় ৬০ লাখ টকা । ইপিনে জব্দ হোৱা আফিং খিনিৰ মূল্য প্ৰায় ২৫ লাখ বুলি মন্তব্য কৰে GRP ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰসেনজিৎ দাসে । 

উল্লেখ্য যে, দেওবাৰেও গোপন সুত্ৰৰ ভিত্তিত অভিযান চলায় জব্দ কৰিছিল বৃহৎ পৰিমাণৰ গাঞ্জা । বিবেক এক্সপ্ৰেছৰ A1 দবাৰ পৰা জব্দ কৰা হৈছিল ৪২ কিলোগ্ৰাম গাঞ্জা । জব্দ হোৱা গাঞ্জা খিনিৰ বজাৰ মূল্য আছিল প্ৰায় ২১ লাখ টকা । ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ যোৱা বিবেক এক্সপ্ৰেছৰ জৰিয়তে সৰবৰাহকাৰীয়ে ডিমাপুৰৰ পৰা কন্যাকুমাৰীলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল গাঞ্জাখিনি । 

লগতে পঢ়ক: Brown sugar seized in Guwahati: মহানগৰীত জব্দ কেইবা কোটি টকা মূল্যৰ ব্ৰাউন চুগাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.