ETV Bharat / state

Brown sugar seized in Guwahati: মহানগৰীত জব্দ কেইবা কোটি টকা মূল্যৰ ব্ৰাউন চুগাৰ

author img

By

Published : Feb 14, 2023, 1:44 PM IST

Updated : Feb 14, 2023, 1:51 PM IST

Over 16 kg of suspected brown sugar seized in Guwahati
মহানগৰীত জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ

মহানগৰীত জব্দ হৈছে বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ (Brown sugar seized in Guwahati) ৷ পৰিবহণ বিভাগে নিশা বেটকুচিত অভিযান চলাই থকাৰ অৱস্থাত এখন খালী ট্ৰাকৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰখিনি ৷ ইয়াৰ পাছতে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ লগতে এটা দল উপস্থিত চমজি লয় নিষিদ্ধ ব্ৰাউন চুগাৰখিনি ৷

মহানগৰীত জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ

গুৱাহাটী, ১৪ ফেব্ৰুৱাৰী: ৰাজ্যত অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰতৰ অভিযান (Assam police against Drugs) ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ শেহতীয়াকৈ গুৱাহাটী মহানগৰীত জিলা পৰিবহণ বিভাগে নিশা চলোৱা নিয়মীয়া তালাচীত জব্দ হ’ল বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ ৷

এই খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত নিশাই উপস্থিত হয় মহানগৰ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ লগতে এটা দল ৷ আৰক্ষীৰ দলটোৱে কেইবা কোটি টকা মূল্যৰ ব্ৰাউন চুগাৰখিনি জব্দ কৰাৰ লগতে সৰবৰাহৰ লগত জড়িত এজন লোককো গ্ৰেপ্তাৰ কৰে ৷ AS 01 GC 9536 নম্বৰৰ ট্ৰাকখনৰ পৰা জব্দ কৰা হয় নিষিদ্ধ ব্ৰাউন চুগাৰখিনি ।

ঘটনাৰ বিৱৰণী অনুসৰি, সোমবাৰে নিশা মহানগৰীৰ বেতকুছিত পৰিবহণ বিভাগে নিয়মীয়া তালাচী অভিযান চলাই আছিল ৷ সেই সময়তে এখন খালি ট্ৰাক সেই স্থানেৰে পাৰ হৈ যাব বিচাৰিছিল ৷ নিশা এখন খালি ট্ৰাক পথেৰে গৈ থকা বিষয়টোত পৰিবহণ বিভাগৰ সন্দেহ উপজে ৷ সেই স্থানত কৰ্তব্যৰত পৰিবহণ বিভাগৰ দলটোৱে সন্দেহৰ ওপৰত ভিত্তি কৰিয়েই ট্ৰাকখনত তালাচী চলাই আৰু তাৰ পিছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা (Brown sugar seized in Guwahati) ৷

পৰিবহণ বিভাগৰ দলটোৱে বাহনখনৰ আগফালৰ চেম্বাৰত অভিযান চলাই প্ৰত্যক্ষ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি (Brown sugar seized during raid by TD in Guwahati) । ইয়াৰ পাছতে খবৰ দিয়ে আৰক্ষীক ৷ খবৰ লাভ কৰি মহানগৰ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ লগতে এটা দল সেই স্থানত উপস্থিত হৈ জব্দ কৰে প্ৰায় ১৬ কিলোগ্ৰাম ওজনৰ বৃহৎ পৰিমানৰ ব্ৰাউন চুগাৰ ৷ লগতে এই সৰবৰাহৰ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত বাহনখনত থকা চাহিদুৰ ৰহমান নামৰ সৰবৰাহকাৰী এজনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (One arrested with suspected brown sugar in Guwahati) । জানিব পৰা মতে যোৰাবাটৰ পৰা আজাক খান নামৰ এজন ব্যক্তিয়ে সৰবৰাহৰ বাবে দিছিল জব্দকৃত ড্ৰাগছখিনি । সেই অনুসৰিয়েই ড্ৰাগছখিনি যোৰাবাটৰ পৰা গৌৰীপুৰলৈ লৈ গৈ আছিল ৷ কিন্তু পৰিবহণ বিভাগৰ তৎপৰতাত জব্দ হয় বৃহৎ পৰিমানৰ এই নিষিদ্ধ মাৰাত্মক সামগ্ৰীখিনি ৷

উল্লেখযোগ্য যে ৰাজ্যত বৰ্তমানলৈকে নিশাৰ ভাগত যিমান সংখ্যক ড্ৰাগছৰ বিৰোধী অভিযান চলোৱা হৈছে, তাৰ ভিতৰত এয়াই হৈছে প্ৰথমটো বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰা বৃহৎ সাফল্য । কিয়নো ইয়াৰ পূৰ্বে ৪-৫ কিলোগ্ৰাম পৰ্যন্ত ব্ৰাউন চুগাৰ জব্দ কৰা হৈছিল যদিও একেলগে ১৬ কিলোগ্ৰামকৈ ব্ৰাউন চুগাৰ জব্দ কৰা এয়াই হৈছে প্ৰথম ঘটনা ।

মন কৰিবলগীয়া যে যোৰাবাটৰ পৰা জালুকবাৰীলৈ সমগ্ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা যেন হৈ পৰিছে অপৰাধীৰ মুক্ত বিচৰণস্থলী । বিগত এসপ্তাহৰ ভিতৰতে বৃহৎ পৰিমাণৰ ড্ৰাগছ, নকল সোণৰ নাৱৰ লগতে যোৱাটো সোমবাৰে ৫ লাখ টকাৰ জালনোট জব্দ কৰিছিল মহানগৰ আৰক্ষীয়ে । শেহতীয়াকৈ যোৱানিশা পৰিবহণ বিভাগৰ অভিযানৰ সময়ত ১৬ কিলোগ্ৰাম ব্ৰাউন চুগাৰ জব্দ হোৱা ঘটনাই মহানগৰীৰ মাজেৰে অতি সহজতে মাৰাত্মক বৰবিহৰ সৰবৰাহৰ কথাকে পুনৰবাৰ প্ৰমাণ কৰিলে ।

লগতে পঢ়ক: Fake currency in Guwahati : মহানগৰীৰ ISBT ত জালনোটসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

Last Updated :Feb 14, 2023, 1:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.