7 Bangladeshi detained: ত্ৰিপুৰাত পুনৰ 7 বাংলাদেশী নাগৰিক আটক

By

Published : May 2, 2023, 12:16 AM IST

thumbnail

নিউজ ডেস্ক, 1 মে’ : ত্ৰিপুৰাৰ খোৱাই জিলাৰ তেলিয়ামূৰাৰ পৰা 7 জন বাংলাদেশী নাগৰিক আটক ৷ ধৃত লোকসকলৰ ভিতৰত আছে তিনিজন পুৰুষ, এগৰাকী মহিলা আৰু তিনিটা সন্তান (7 Bangladeshi detained) ৷ জি আৰ পিৰ ডিএছপি সৌমেন সৰকাৰে ঘটনা সন্দৰ্ভত কয় যে, সোমবাৰে এক গোপন তথ্যৰ পম খেদি বিএছএফ চোৰাংচোৱাই তেলিয়ামূৰা ত্ৰিশাবাৰী ৰে’লৱে ষ্টেচন চৌহদত কৰ্তব্যৰত অৱস্থাত একাংশ সন্দেহযুক্ত লোকক জেৰা কৰাৰ সময়ত এই তথ্য পোহৰলৈ আহে ।

আৰক্ষীৰ জেৰাত ধৃত লোককেইজনে কয় যে, তেওঁলোকৰ ঘৰ বাংলাদেশত (7 Bangladeshi detained at Teliamura) ৷ দলটোৱে দালালৰ জৰিয়তে সীমান্ত পাৰ হৈ তেলিয়ামূৰা হৈ ৰে’লেৰে বাংগালুৰুলৈ যোৱাৰ কথা আছিল । বৰ্তমান জি আৰ পিয়ে তেওঁলোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে । মন কৰিবলগীয়া যে, শেহতীয়াকৈ তেলিয়ামুৰাকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাংলাদেশী অথবা ৰোহিংগীয়াক আটক কৰাৰ খবৰ প্ৰকাশৰ পিচতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ 

লগতে পঢ়ক: Jal Jivan Mission scam: বিসংগিত দেখুওৱাৰ বাবে AJYCPৰ নেতাক চৰ সোধালে ঠিকাদাৰে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.