City police raids SPA Salon : মহানগৰীৰ একাংশ স্পা চেলুনত কি চলে ?

By

Published : Jun 13, 2023, 11:09 PM IST

thumbnail

গুৱাহাটী,13 জুন: স্পাৰ নামত মহানগৰীৰ একাংশ স্পা চেলুনত কি  চলে ? ব’ডি মাছাজৰ নামত যৌনতাৰ বেহা চলে নেকি ! এই সমূহ কথা চলি থকাৰ মাজতে গুৱাহাটী মহানগৰীত অবৈধ স্পা চেলুনৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷  এক গোপন সূত্ৰৰ পম খেদি মঙলবাৰে সন্ধিয়া ৭.৩০ বজাত মহানগৰ আৰক্ষীৰ দল এটাই  নুনমাটি আৰক্ষীৰ সহযোগত অভিযান চলায় ৷ নুনমাটি চিটি কো-অপাৰেটিভ বেংকৰ সমীপত থকা Lucky hair Beauty spa salon ত অভিযান চলায় দলটোৱে । আৰক্ষীৰ অভিযানৰ সময়ত স্পা চেলুনখনত অসংযত অৱস্থাত উদ্ধাৰ কৰা হয় চাৰি গৰাকী যুৱতীসহ তিনি যুৱকক ৷ দীৰ্ঘদিনৰ পৰা স্পা চেলুনখনত নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ আছে । এই অভিযানৰ নেতৃত্ব দিয়ে মহানগৰ আৰক্ষীৰ ADCP নন্দিনী কাকতি আৰু নুনমাটি সংমণ্ডল এ চি পি নিলোৎপল ডেকাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.