আৰম্ভ হ’ল 66 সংখ্যক ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱখনি

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 6:59 AM IST

thumbnail

মিৰ্জা, 27 নৱেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চান্দ সদাগৰৰ ঐতিহ্য বিজড়িত চম্পক ৰাজ্যত অনুষ্ঠিত কৰি অহা ঐতিহাসিক 66 সংখ্যক ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱখনিৰ দেওবাৰে শুভাৰম্ভ কৰা হয় । ৰাস মহোৎসৱ প্ৰথম দিনাৰ কাৰ্যসূচীত লোকাৰণ্য পৰিৱেশ দেখা গ’ল ৰাসথলীত ।

বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে ৰাস মহোৎসৱখনি শুভাৰম্ভ কৰে ৰাজ্যৰ জনপ্ৰিয় ঔপন্যাসিক তথা সাহিত্য অকাডেমি বঁটা প্ৰাপক সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী আৰু বিশিষ্ট শিক্ষাবিদ ড৹ অমৰজ্যোতি চৌধুৰীয়ে । অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত মুকলি সভাত ৰাস মহোৎসৱৰ বাৰ্ষিক মুখপত্ৰ 'সাৰংগপানী' উন্মোচন কৰে শিক্ষাবিদ ড৹ অমৰজ্যোতি চৌধুৰীয়ে ।

উদ্বোধনী অনুষ্ঠানত ৰাস মহোৎসৱৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ডাঃ কমলা কলিতাই ভাষণ প্ৰদান কৰে । দেওবাৰৰে পৰা আৰম্ভ হোৱা এই ঐতিহাসিক 66 সংখ্যক ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱখনি এঘাৰদিন ধৰি চলিব ।

লগতে পঢ়ক : মহাভাৰতৰ শ্ৰীকৃষ্ণ আহিব নলবাৰীৰ ৰাসলৈ; হৰিমন্দিৰত উখল-মাখল পৰিৱেশ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.