Fire incident at Dergaon : নাহৰনিত ভয়ংকৰ অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ মৃত্যু 60 উৰ্দ্ধৰ বৃদ্ধাৰ

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 2:03 PM IST

thumbnail

যোৰহাট, 1 অক্টোবৰ : শনিবাৰে নিশা দেৰগাঁৱৰ নাহৰনিত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডৰ ফলত এখন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু এটা বাসগৃহ সম্পূৰ্ণভাৱে ভস্মীভূত হয় ৷ আনকি এই অগ্নিকাণ্ডৰ ফলত মলিনা বেগম নামৰ এগৰাকী প্ৰায় 60 উৰ্দ্ধৰ বৃদ্ধা অগ্নিদগ্ধ হৈ মৃত্যুক আকোঁৱালি লয় ।

জানিব পৰা মতে, প্ৰথমতে ব্যৱসায়িক প্ৰতিষ্ঠানখনত জুইৰ সূত্ৰপাত ঘটে ৷ নিমষতে এই জুই বিয়পি যায় কাষতে থকা এটা বাসগৃহলৈ ৷ তাৰ পাচতে বাসগৃহটোত থকা এটা চিলিণ্ডাৰ বিস্ফোৰণ হয় ৷ ফলত এই বাসগৃহটোতে থকা প্ৰায় 60 উৰ্দ্ধৰ বৃদ্ধাগৰাকী অগ্নিদগ্ধ হৈ মৃত্যুৰ মুখত পৰে ৷

আনহাতে, নিশাই ঘটনা সন্দৰ্ভত অগ্নি নিৰ্বাপক বাহিনীৰ লোকক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীৰ লোকে স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । আনহাতে, দেৰগাঁৱৰ নাহৰনিৰ সমান্তৰালভাৱে ৰঙামাটি গৰিয়াজান চাহ বাগিচাৰ লাইনতো সংঘটিত হয় আন এক অগ্নিকাণ্ডৰ ঘটনা ।

এই অগ্নিকাণ্ডৰ ফলত দুটা বাসগৃহ সম্পূৰ্ণ ৰূপে জ্বলি ভস্মীভূত হয় । এই অগ্নিকাণ্ডত ফলত দুটা পৰিয়ালৰ প্ৰয়োজনীয় সকলো নথি-পত্ৰ লগতে কেইবা লক্ষাধিক টকা সা-সম্পত্তিৰো ক্ষতি হয় । ইফালে ঘটনাস্থলীত দেৰগাঁও অগ্নি নিৰ্বাপক বাহিনীৰ লোক পলমকৈ উপস্থিত হোৱাত ৰাইজৰ ৰোষত পৰিবলগীয়া হয় ।

লগতে পঢ়ক : Akhil Gogoi on Assam CM : অসমৰ ৰাজনৈতিক ক্ষেত্রৰ মাফিয়া হিমন্ত বিশ্ব শৰ্মা : অখিল গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.