ETV Bharat / state

Akhil Gogoi on Assam CM : অসমৰ ৰাজনৈতিক ক্ষেত্রৰ মাফিয়া হিমন্ত বিশ্ব শৰ্মা : অখিল গগৈ

author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 10:49 AM IST

অসমৰ ৰাজনৈতিক ক্ষেত্রৰ মাফিয়া হৈছে হিমন্ত বিশ্ব শৰ্মা । তেওঁৰেই যোগ্য শিষ্য হ’ল বিধায়ক মানৱ ডেকা । শনিবাৰে নিশা লখিমপুৰত এই বিস্ফোৰক মন্তব্য কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ।

Akhil Gogoi on Assam CM
অসমৰ ৰাজনীতিৰ আতাইতকৈ বদনামী মানুহ মানৱ ডেকা : অখিল গগৈ

ৰাজনৈতিক মাফিয়া হিমন্ত বিশ্ব শৰ্মাৰ যোগ্য শিষ্য বিধায়ক মানৱ ডেকা

লখিমপুৰ ১ অক্টোবৰ : ‘‘অসমৰ ৰাজনীতিৰ আটাইতকৈ বদনামী মানুহ মানৱ ডেকা । ৰাজনৈতিক মাফিয়া হৈছে হিমন্ত বিশ্ব শৰ্মা । অসমৰ ৰাজনীতিৰ আটাইতকৈ বদনামী মাফিয়া কোন বুলি মাকৰ গৰ্ভত থকা সন্তানক সুধিলেও সেই কথাই ক’ব ।’’ শনিবাৰে লখিমপুৰত আয়োজিত এক সংবাদমেলত বিজেপি, মুখ্যমন্ত্রী ড৹ শৰ্মা আৰু বিধায়ক মানৱ ডেকাক তীব্র আক্ৰমণ কৰে বিধায়ক অখিল গগৈয়ে ।

তেওঁ আৰু কয়, ‘‘মাফিয়া ৰাজনীতিৰ পুৰোধা ব্যক্তি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেৱল লুই বাৰ্জাৰ, সাদৰা, উত্তৰ কাছাৰ আদি কেলেংকাৰীয়েই নহয় । নিতৌ তেওঁৰ বিৰুদ্ধে ন ন কেলেংকাৰীৰ কথা প্ৰকাশ পাইছে । ইতিহাসত নজিৰ বিহীনভাৱে মাফিয়াৰ দৰে তেওঁৰ বিৰুদ্ধে থকা চাৰ্জশ্বীট তেওঁ থানাৰ ভিতৰতে নাইকিয়া কৰি দিব পাৰে । তেওঁ অসমৰ মাফিয়া ৰাজনীতিৰ এজন পুৰোধা ব্যক্তি’’ ।

বিধায়ক অখিল গগৈয়ে কয়, ‘‘হিমন্ত বিশ্ব শৰ্মাৰ যোগ্য শিষ্য হ’ল লখিমপুৰৰ বিধায়ক মানৱ ডেকা । মানৱ ডেকাৰ কথা কোনো ভেলু নাই । মানৱ ডেকা লেখত ল’বলগীয়া মানুহেই নহয়’’ । উল্লেখ্য যে, শনিবাৰে নিশা লখিমপুৰৰ আৱৰ্ত ভৱনত আয়োজন কৰা হয় এক সংবাদমেলৰ ৷ এই সংবাদ মেলত অখিল গগৈয়ে বিজেপি চৰকাৰ, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক মানৱ ডেকাৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক মন্তব্য কৰে ৷

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ উত্থাপন কৰি অখিল গগৈয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি কয়, ‘‘ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে অসমখন জনজাতি ৰাজ্যত পৰিণত হ’ব । সেয়ে হ’লে হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্রী হ’ব নোৱাৰে । যাৰ বাবে জনজাতিকৰণত বিধি পথালি দিয়া হৈছে । অসম জনজাতি ৰাজ্যত পৰিণত হ’লে বাহিৰৰ লোকে মাটি কিনিব নোৱাৰিব । কিন্তু এক দেশ, এক শাসন, এক সংস্কৃতি, এক ধৰ্মৰ কথা কোৱা বিজেপিয়ে সেয়া নিবিচাৰে’’ ।

‘‘ৰাজ্য অধিক ক্ষমতাশীল কৰি তোলা ৩৭০ অনুচ্ছেদ কাশ্মীৰৰ পৰা বিলোপ কৰা হৈছে । বিজেপিৰ স্বাৰ্থৰ বাবে ই কেৱল নিৰ্বাচনৰ সময়ত জনজাতি কৰণ বিষয়টো এক আলোচনা বিষয় হিচাপে লৈ আহিছে । সদিচ্ছা থাকিলে বিজেপিয়ে মাত্ৰ এদিনৰ ভিতৰতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব পাৰে । কিন্তু নকৰে । নিৰ্বাচনৰ সময়ত ভোটৰ অংকত গণ্ডগোল হয় বুলি কেৱল এটা আলোচনা কৰিয়েই বিষয়টো সামৰণি মাৰে ।’’ এই মন্তব্য গগৈৰ ৷

তেওঁ আৰু কয়, ‘‘মুখ্যমন্ত্রীৰ পত্নীৰ ভূমি কেলেংকাৰীৰ বিষয়টো মই সাহসেৰে ফাদিল কৰিছিলো । মোক সহযোগ কৰাৰ বাবে বিধায়ক ভৰত নৰহৰ বিৰুদ্ধে চি এম ভিজিলেঞ্চ লগাইছে । কিন্তু মোৰ বিৰুদ্ধে তেনে কৰিবলৈ সাহস কৰা নাই’’ । আগন্তুক ২০২৪ ৰ নিৰ্বাচনত শাসকীয় ১১ খন আসন পাব বুলি কৰা দাবীক নস্যাৎ কৰি তেওঁ কয় বিৰোধী জোঁটে আধাতকৈয়ো অধিক আসন লাভ কৰিব আৰু ২০২৬ ৰ নিৰ্বাচনত বিৰোধী জোঁটে অসমত চৰকাৰ গঠন কৰিব । ইয়াত মোডী অথবা হিমন্তৰ মেজিকে মুঠেও কাম নকৰিব বুলি কয় অখিল গগৈয়ে ।

লগতে পঢ়ক : Assam Meghalaya border dispute : সীমা বিবাদক লৈ অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.