ETV Bharat / state

Assam Meghalaya border dispute : সীমা বিবাদক লৈ অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বৈঠক

author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 8:21 AM IST

discusses border dispute
অসম মেঘালয়ৰ সীমা বিবাদক সন্দৰ্ভত পুনৰ বৈঠকত বহে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী

অসম মেঘালয়ৰ সীমা বিবাদক সন্দৰ্ভত পুনৰ বৈঠকত বহে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ৷ এই বৈঠকতে মুঠ ছটা বিবদমান এলেকা সন্দৰ্ভত আলোচনা কৰে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৷

সীমা বিবাদ সন্দৰ্ভত বৈঠক

গুৱাহাটী, ১ অক্টোবৰ : অসম মেঘালয় সীমান্তৰ মাজত চলি থকা সীমা বিবাদৰ মাজতে শনিবাৰে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত মহানগৰীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত বিবদমান এলেকাসমূহক লৈ এক বৈঠকত মিলিত হয় । মুঠ ছটা বিবদমান এলেকাক লৈ অনুষ্ঠিত হোৱা বৈঠকৰ অন্তত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই সংবাদ মাধ্যমৰ আগত কেতবোৰ মন্তব্য প্ৰকাশ কৰে ৷

দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে, মুঠ ছটা এলেকাৰ ভিতৰত লাংপি, বৰদুৱা আৰু ডেচডুমৰীয়া এই তিনিটা এলেকাৰ ক্ষেত্ৰত দুয়োপক্ষ প্রায় মিমাংসাত উপনীত হৈছে । শীঘ্ৰে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ গ্ৰহণ কৰা হ'ব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সৈতে দুই ৰাজ্যৰ ।

স্পৰ্শকাতৰ বিবদমান এলেকাৰ পৰা দুয়ো ৰাজ্যৰ আৰক্ষী বাহিনীক আঁতৰাই সীমান্তৰ নিৰাপত্তাৰ বাবে CRPF ক দায়িত্ব দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় এই বৈঠকত । দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীদ্বয়ে বিবদমান এলেকাসমূহ অহা দুৰ্গা পূজাৰ পিচতে ভ্ৰমণ কৰাৰো সিদ্ধান্ত লোৱা হয় ।

ইপিনে এই বৈঠকত পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তৰ মুত্ৰুত সংঘটিত হৈ যোৱা গুলীচালনাৰ ঘটনা ওপৰতো আলোচনা কৰা হয় । এই গুলীচালনাত অসমৰ গৃহৰক্ষীৰ এজন জোৱান নিহত হোৱাৰ বিপৰীতে মেঘালয়ৰ পাঁচজন লোক নিহত হৈছিল । এই গুলীচালনাৰ ঘটনাৰ ন্যায়িক তদন্তৰ কথা ঘোষণা কৰা হৈছিল যদিও দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ন্যায়িক তদন্তৰ ঠাইত চি বি আইলৈ হস্তান্তৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা কৰে ।

অৱশ্যে অসম আৰু মেঘালয়ৰ সলনি দেশৰ আন কোনো ঠাইতহে সেই গোচৰটো ৰুজু কৰাৰ ব্যৱস্থা লোৱা হ'ব । তদন্ত প্ৰক্ৰিয়াৰ নিৰপেক্ষতাৰ স্বাৰ্থতে বেলেগ ৰাজ্যত গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীদ্বয়ে ৷

লগতে পঢ়ক : Swachh Bharat Abhiyan in Sivasagar : শিৱসাগৰত এক দিন এক ঘণ্টা একেলগে স্বচ্ছতা অভিযান কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.