Asom Sahitya Sabha conference: ময়ুৰপংখী ৰথেৰে আদৰি অনা হ’ল নৱ-নিৰ্বাচিত সভাপতি সূৰ্যকান্ত হাজৰিকাক

By

Published : Feb 3, 2023, 3:44 PM IST

Updated : Feb 3, 2023, 8:40 PM IST

thumbnail

লখিমপুৰ, 3 ফেব্ৰুৱাৰী: শুকুৰবাৰ অৰ্থাৎ আজি অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ চতুৰ্থ দিন(Asom Sahitya Sabha conference) ৷ নাৰায়ণপুৰৰ বৰখামটি পথাৰৰ মনিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ পূৰ্ণাঙ্গ নাৰায়ণপুৰ অধিৱেশনৰ চতুৰ্থ দিনা উলিওৱা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা(Cultural rally in Asom Sahitya Sabha) ৷ 

মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সমীপৰ পৰা ময়ুৰপংখী ৰথেৰে বাহিৰ কৰা এই শোভাযাত্ৰাত অসমৰ জনজীৱনৰ বিভিন্ন কলা-সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে গায়ন বায়ন, দিহা নাম, কুৰুক্ষেত্ৰ মহাৰণৰ বিভিন্ন দৃশ্য, শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ বিভিন্ন দৃশ্য, মহাবীৰ লাচিত বৰফুকনৰ নৰিয়া দেহাৰে নৌকা যুদ্ধ আদি প্ৰদৰ্শন কৰা হয়(Asom Sahitya Sabha Narayanpur) ।  

উল্লেখ্য যে, তিনি কিলোমিটাৰজোৰা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ জড়িয়তে ময়ুৰপংখী ৰথেৰে মূল সভালৈ আদৰি অনা হয় সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি সূৰ্যকান্ত হাজৰিকাক(Dr Surjya Kanta Hazarika) ৷ অনৈক্যৰ মাজত ঐক্য অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বৰ্ণিল সংস্কৃতিও প্ৰদৰ্শ কৰা হয় শোভাযাত্ৰাত ৷ দিনৰ 11 বজাৰ লগে লগে আৰম্ভ হয় এই সাংস্কৃতিক শোভাযাত্ৰা ৷  

ইফালে, অসম সাহিত্য সভাৰ নতুন সভাপতি সূৰ্যকান্ত হাজৰিকাই সংবাদমাধ্যমৰ আগত কয়, "অগ্ৰজে দেখুৱাই থৈ যোৱা বাট অনুসৰণ কৰি তেওঁলোকৰ আশা-আকাংক্ষা সমূহ পূৰণ কৰিবলৈ চেষ্টা কৰিম ৷" লগতে একাধিক এক নতুন পৰিকল্পনাৰে অসম সাহিত্য সভাক নেতৃত্ব দিয়াৰ কথাও তেখেতে সংবাদমাধ্যমৰ আগত সদৰী কৰে ৷ 

ইয়াৰোপৰি অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঁঞি বৰুৱা(Padmanath Gohain Baruah), মহাত্মা গান্ধীৰ দুখন প্ৰতিচ্ছবিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় নতুন সভাপতি সূৰ্যকান্ত হাজৰিকাক ৷ 

লগতে পঢ়ক: Sahitya Sabha Controversy: অসম সাহিত্য সভাত বিধায়ক অমিয় কুমাৰ ভূঞাৰ একনায়কত্ববাদ

Last Updated : Feb 3, 2023, 8:40 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.