ETV Bharat / state

Sahitya Sabha Controversy: অসম সাহিত্য সভাত বিধায়ক অমিয় কুমাৰ ভূঞাৰ একনায়কত্ববাদ

author img

By

Published : Feb 3, 2023, 3:18 AM IST

বিতৰ্কই লগ এৰাই নাই অসম সাহিত্য সভাক ৷ নাৰায়ণপুৰৰ সাহিত্য সভাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মূল কেন্দ্ৰবিন্দু হৈ পৰিছে বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞা ৷ সাহিত্য সভাক নিজ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছে বিধায়ক ভূঞাই ৷

Sahitya Sabha Controversy
অসম সাহিত্য সভাত বিধায়ক অমিয় কুমাৰ ভূঞাৰ একনায়কত্ববাদ

অসম সাহিত্য সভাত বিধায়ক অমিয় কুমাৰ ভূঞাৰ একনায়কত্ববাদ

নিউজ ডেস্ক, 2 ফেব্ৰুৱাৰী: বিতৰ্ক আৰু অসম সাহিত্য সভা যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি(Asom Sahitya Sabha Controversy) ৷ বিতৰ্কই লগেই নেৰে শতবৰ্ষ গৰকা অসমীয়া সমাজ জীৱনৰ অন্যতম অংগস্বৰূপ অসম সাহিত্য সভাক ৷ এইবাৰ নাৰায়ণপুৰৰ বৰখামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হোৱা সাহিত্য সভাৰ বিতৰ্কই যেন শেষ হোৱাৰ নামেই লোৱা নাই(Sahitya Sabha Naraynpur controversy) ৷

মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হোৱা সাহিত্য সভাৰ অধিৱেশনৰ আজি তৃতীয়টো দিন ৷ কিন্তু তাৰ পিচতো অব্যাহত আছে বিতৰ্ক আৰু ক্ৰিয়া-প্ৰতিক্ৰিয়া ৷ সাহিত্য সভাৰ অধিৱেশনত প’ষ্টাৰ বিতৰ্কৰ পিচত আকৌ অনুষ্ঠান উদ্বোধক বিতৰ্ক ৷ বিহপুৰীয়া সমষ্টিৰ বিজেপি বিধায়কৰ কাণ্ড-কাৰখানা সকলোৰে পৰিচিত ৷ ক্ষমতাই মূৰত ধৰা বিধায়ক অমিয় কুমাৰ ভূঞাই এতিয়া জাতীয় অনুষ্ঠান অসম সাহিত্য সভাক ব্যৱহাৰ কৰিছে নিজৰ পৈতৃৰ সম্পত্তিৰ দৰে(MLA Amiya Bhuyan Controversy) ৷

যাৰ বাবে সাহিত্য সভাৰ চৌদিশ হৈ পৰিল কেৱল অমিয়ময় ৷ যেনিয়ে চায় তেনিয়েই বেনাৰ আৰু প‘ষ্টাৰত কেৱল অমিয় কুমাৰ ভূঞাৰ ফটো ৷ দুই-এখন বেনাৰতহে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma), অসম সাহিত্য সভাৰ বিদায়ী সভাপতি কুলধৰ শইকীয়াৰ(Kuladhar Saikia) লগতে অন্যান্য ব্যক্তিৰ ফটো ৷

বিপৰীতে দেখা নগ’ল অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰি থৈ যোৱা বিশিষ্ট সাহিত্যিকসকলৰ ফটো ৷ আনকি লখিমপুৰৰে সন্তান অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোঁহাঞি বৰুৱাৰ ফটো এখনো অধিৱেশনস্থলীত দেখিবলৈ পোৱা নগ’ল । যাক লৈ এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

কেৱল সিমানেই নহয়, মইমতালিৰে সাহিত্য সভাক নিজৰ হাতৰ মুঠিত ৰাখিব বিচৰা গুৰু-গোসাঁই নমনা বিধায়কগৰাকীয়ে একে নিশাই সলনি কৰিলে নিমন্ত্ৰণী পত্ৰ ৷ সংবাদ-সাহিত্য সন্মিলনৰ উদ্বোধক হিচাবে প্ৰথমে জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াৰ(Journalist Nitumoni Saikia) নাম উল্লেখ আছিল যদিও পৰৱৰ্তী সময়ত তেওঁৰ নাম সলনি কৰি সন্নিবিষ্ট কৰা হয় আন এগৰাকী জ্যেষ্ঠ সাংবাদিক দিলীপ চন্দনক ৷

কিন্তু লক্ষণীয় কথাটো হ’ল যে, খোদ সাংবাদিক দিলীপ চন্দন এই বিষয়ে অৱগত নহয় ৷ আনফালে নিমন্ত্ৰণী পত্ৰত নাম উল্লেখ থকা একাংশ ব্যক্তিক নিমন্ত্ৰণ জনোৱা নহ’ল অনুষ্ঠানলৈ ৷ যাৰ বাবে এতিয়া সামাজিক মাধ্যম যোগে ক্ষোভ প্ৰকাশ কৰিছে সকলোৱে ৷ সাহিত্য সভাৰ এনে দায়িত্বজ্ঞানহীনতাক লৈ সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷

মুঠতে, নাৰায়ণপুৰ অধিৱেশনক কেন্দ্ৰ কৰি আৰম্ভণিৰে পৰা যিমান বিতৰ্কৰ সূত্ৰপাত হ’ল সেই সকলোবোৰৰে কেন্দ্ৰবিন্দু বিধায়ক ভূঞা ৷ অৱশ্যে গেৰুৱা বাহিনী, চৰকাৰ নে মুখ্যমন্ত্ৰীক তৈলমৰ্দন কৰিবলৈ বিতৰ্কিত ভূঞাই এনেবিলাক কাণ্ড-কাৰখানা কৰিলে সেয়াহে অস্পষ্ট হৈ ৰ’ল ৷ আদৰণি সমিতিৰ সভাপতি ভূঞাৰ নেতৃত্বত নাৰায়ণপুৰ অধিৱেশনত সাহিত্যৰ পৰিৱৰ্তে মীনা বজাৰ, ভ্ৰাম্যমান থিয়েটাৰ, বাণিজ্য মেলা আদিৰহে পয়োভৰ ঘটিল ৷ দূৰতেই ৰ’ল ভাষা-সাহিত্য ৷

লগতে পঢ়ক: Asam Sahitya Sabha conference : মণিকাঞ্চন ক্ষেত্ৰত সাহিত্য-ৰাজনীতি একাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.