ETV Bharat / state

Asam Sahitya Sabha conference : মণিকাঞ্চন ক্ষেত্ৰত সাহিত্য-ৰাজনীতি একাকাৰ

author img

By

Published : Feb 1, 2023, 10:46 PM IST

বানানৰ পৰা বেনাৰলৈকে বহু বিসংগতিৰ মাজেৰে অসম সাহিত্য সভাৰ (Asam sahitya Sabha) নাৰায়ণপুৰ অধিৱেশনে আজি দ্বিতীয় দিনত ভৰি দিলে ৷ দ্বিতীয় দিনটোত ঘোষণা কৰা হ’ল পৰৱৰ্তী অধিৱেশনৰ স্থান ৷ সেই অনুসৰি 2025ত পাঠশালাত অনুষ্ঠিত হ’ব সাহিত্য সভাৰ 77 সংখ্যক অধিৱেশন ৷

Asam Sahitya Sabha conference
অসম সাহিত্য সভা

নিউজ ডেস্ক, 1 ফেব্ৰুৱাৰী : অসম সাহিত্য সভাৰ পৰৱৰ্তী পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হ'ব পাঠশালাত (Asam sahitya Sabha conference at Pathsala) ৷ বুধবাৰে সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ প্ৰতিনিধি সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ অসম সাহিত্য সভাৰ বজালী জিলা সমিতিৰ আমন্ত্ৰণমৰ্মে 2025 চনত পাঠশালাত অনুষ্ঠিত হ'ব পূৰ্ণাংগ অধিৱেশন ৷

আনহাতে, 2024 বৰ্ষত অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন মৰিগাঁৱত অনুষ্ঠিত কৰিবলৈও আজি সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ উল্লেখ্য যে জাতীয় অনুষ্ঠানৰূপে স্বীকৃত অসম সাহিত্য সভাক এতিয়াও বিতৰ্কই লগ এৰা নাই ৷ আনকি আজিও প্ৰতিনিধি সভাত বজালী জিলা সাহিত্য সভাখন অবৈধভাৱে গঠন কৰা বুলি অভিযোগ উঠে আৰু এক তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ অৱশেষত বিষয়টো অনুসন্ধান কৰিবলৈ এখন তদন্ত সমিতিও গঠন কৰা হয় ৷

কেৱল ইমানেই নহয়, নাৰায়ণপুৰ অধিবেশনক (Asam Sahitya Sabha Narayanpur conference) কেন্দ্ৰ কৰি আৰম্ভনিৰে পৰাই উদ্ভৱ হৈ আহিছে ইটোৰ পিছত সিটোকৈ বিতৰ্ক, অভিযোগ ৷ সম্পূৰ্ণ ৰাজনৈতিক চত্ৰছায়াত যে নাৰায়ণপুৰ অধিৱেশন অনুষ্ঠিত হৈছে সেই কথা ইতিমধ্যে অতি নিৰ্লজ্জভাৱে স্পষ্ট হৈ পৰিছে ৷ বিধায়ক তথা আদৰণী সমিতিৰ সভাপতি ড৹ অমিয় কুমাৰ ভূঞাই সম্পূৰ্ণ স্বেচ্ছাচাৰিতা প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ যাক লৈ অসন্তুষ্ট হৈ পৰিছে বিভিন্ন মহল ৷

অসম সাহিত্য সভাৰ ষটসপ্ততিতম নাৰায়ণপুৰ অধিৱেশনলৈ সাহিত্য জগতৰ লোকতকৈ অধিক ৰাজনীতিকক নিমন্ত্ৰণ জনোৱা বিষয়টো বিভিন্ন মহলত চৰ্চিত হৈছে ৷ সভাপতি অমিয় কুমাৰ ভূঞাৰ (MLA Amiya Kumar Bhuyan) হস্তক্ষেপত সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন গেৰুৱাকৰণ হোৱা বুলি সৰ্বত্ৰে আলোচিত হৈছে ৷

আনহাতে ৰাজ্য বহুকেইগৰাকী প্ৰথিতযশা সাহিত্যিকৰ নাম প্ৰচাৰিত কাৰ্যক্ৰমণিকাত দেখা গৈছে যদিও অধিকাংশ সাহিত্যিকেই এই সন্দৰ্ভত অৱগত নহয় বুলি বিভিন্ন মাধ্যমযোগে জানিবলৈ দিছে ৷ উপন্যাসিকা ৰীতা চৌধুৰীক (Rita Chowdhury) এখন মুকলি সভাৰ উদ্বোধক হিচাবে কাৰ্যসূচীত উল্লেখ কৰা হৈছে যদিও ৰীতা চৌধুৰীয়ে সামাজিক মাধ্যমযোগে জনায় যে, তেওঁক এই সন্দৰ্ভত সাহিত্য সভাৰ তৰফৰ পৰা জানিবলৈ দিয়া হোৱা নাই ৷ অনুমতি অবিহনেই সাহিত্যিকগৰাকীৰ নাম কাৰ্যক্ৰমণিকাত অন্তৰ্ভূক্ত কৰা হৈছে ৷

ৰাজ্যৰ আন এগৰাকী সাহিত্যক জীৱন নৰহৰ ক্ষেত্ৰতো অনুৰূপ ঘটনা সংঘটিত হয় ৷ সঞ্চালক হিচাবে সাহিত্যিকগৰাকীৰ নাম কাৰ্যক্ৰমণিকাত উল্লেখ কৰা হৈছে যদিওঁ এই সন্দৰ্ভত তেওঁক জনোৱা হোৱা নাই বুলি সামাজিক মাধ্যযোগে জানিবলৈ দিয়ে সাহিত্যিকগৰাকীয়ে ৷ ইফালে সাংবাদিক অনুপম চক্ৰৱৰ্তীয়েও (Journalist Anupam Chakraborty) অনুৰূপ অভিযোগ উত্থাপন কৰিছে ৷ কাৰ্যক্ৰমণিকাত সাংবাদিকগৰাকীৰ নাম নিৰ্দিষ্ট বক্তা হিচাবে উল্লেখ কৰা হৈছে যদিও সাহিত্য সভাৰ তৰফৰ পৰা একো জনোৱা নাই অনুপম চক্ৰৱৰ্তীক ৷

এনেদৰে কোনোধৰণৰ আলোচনা নকৰাকৈ অথবা কাৰ্যক্ৰমণিকাত উল্লেখ কৰা বিশিষ্ট লোকসকলক নজনোৱাকৈয়েই কাৰ্যক্ৰমণিকা প্ৰচাৰ কৰিলে বিধায়ক অমিয় ভূঞাৰ নেতৃত্বত আদৰণী সমিতিয়ে ৷ কেৱল ইমানেই নহয় ৷ সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনত দেখা গৈছে অসংখ্য বিসংগতি ৷ অধিৱেশনস্থলীত ৰাজ্যৰ সাহিত্য জগতলৈ বৰঙনি আগবঢ়াই থৈ যোৱা পুৰোধাসকলৰ নাই কোনো ফটো ৷ বিপৰীতে বিধায়ক ভূঞাৰ ফটোহে যিকোনো ঠাইত বৃহৎ হৰ্ডিঙৰ জৰিয়তে আঁৰি থোৱা হৈছে ৷

বিধায়ক অমিয় ভূঞাৰ একনায়কত্ববাদেৰে অব্যাহত থকা নাৰায়ণপুৰ অধিৱেশনক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে বিভিন্ন মহলে ৷ ইয়াৰোপৰি অসম সাহিত্যসভাৰ 76 সংখ্যক অধিৱেশনৰ বিভিন্ন প্ৰচাৰ পত্ৰিকাৰ বানানতো দেখা গ’ল বিসংগতি ৷ 76 সংখ্যকক ষটসপ্ততিতম হিচাবে লিখা হয় যদিও প্ৰচাৰ পত্ৰিকাসমূহত ষষ্ঠষপ্ততিতম বুলি লিখা পৰিলক্ষিত হ’ল ৷ অসমীয়া ভাষা ৰক্ষাৰ পণ লোৱা জাতীয় অনুষ্ঠানটোৰ এনে কাণ্ডত আশ্চৰ্য প্ৰকাশ কৰিছে সচেতন লোকে ৷

আনহাতে লাইখুঁটা স্থাপনৰ দিনটোৰ পৰা দ্বিতীয় দিনৰ কাৰ্যসূচীলৈকে পতাকা ওলোটাকৈ উত্তোলন কৰি বিশেষ ভাৱে চৰ্চিত হৈ আছে অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন ৷

লগতে পঢ়ক: Asam Sahitya Sabha Conference : সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনত উন্মোচিত স্মৃতিগ্ৰন্থসহ প্ৰায় 35খন গ্ৰন্থ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.