প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক সুঁৱৰি মাজুলীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 7:34 AM IST

thumbnail

মাজুলী, 24 নৱেম্বৰ : বৃহস্পতিবাৰে ৰাজ্যজুৰি পালন কৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ তৃতীয় মৃত্যু বাৰ্ষিকী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাজুলী জিলা গৌৰৱ গগৈ ফেনচ ক্লাৱৰ উদ্যোগত মাজুলীত পালন কৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ তৃতীয় মৃত্যু বাৰ্ষিকী ৷ মাজুলীৰ কমলাবাৰী চাৰিআলিত ফেনচ ক্লাৱে আয়োজন কৰে এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো । 

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে গৌৰৱ গগৈ ফেনচ ক্লাৱ মাজুলী জিলাৰ গৰিষ্ঠ সংখ্যক কর্মী । প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায় কৰ্ম কৰ্তাসকলে কয়, "আজিৰ দিনটো অসমবাসীৰ বাবে এটা বেয়া দিন ৷ কিয়নো আজিৰ দিনটোতে অসমে এজন জননেতাক হেৰুৱাইছিল’’ ৷ লগতে উদ্যোক্তাসকলে প্ৰয়াত তৰুণ গগৈয়ে গঢ় দিয়া সোণৰ অসমখন সদায়ে জাকত জিলিকা হৈ থকাৰ বাবে আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক : যোৰহাট-তিতাবৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় মৃত্যু বাৰ্ষিকী পালন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.