যোৰহাট-তিতাবৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় মৃত্যু বাৰ্ষিকী পালন

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 5:35 PM IST

thumbnail

যোৰহাট, 23 নৱেম্বৰ : সমগ্ৰ ৰাজ্যৰ লগতে তিতাবৰ আৰু যোৰহাটতো পালন কৰা হৈছে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় মৃত্যু বাৰ্ষিকী ৷ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ গৃহ সমষ্টি তিতাবৰত ব্লক কংগ্ৰেছ কমিটিয়ে দিনজোৰা কাৰ্যসূচীৰে পালন কৰে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় মৃত্যু বাৰ্ষিকী ৷

প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি, মাল্যৰ্পণ কৰাৰ পাছতে স্মৃতিচাৰণ সভা, সৰ্বধর্মীয় প্ৰাৰ্থনা, দিহানাম পৰিবেশন কৰা হয় ৷ ইয়াৰ পাছতে নাম-প্ৰসংগৰ আয়োজন কৰা হয় ৷ সন্ধিয়াৰ ভাগত গৃহ সমষ্টি তিতাবৰৰ লগতে যোৰহাটৰ বিভিন্ন প্ৰান্তত বন্তি প্ৰজ্জ্বলন কৰিব তিতাবৰ ব্লক কংগ্ৰেছ আৰু যোৰহাট জিলা কংগ্ৰেছে ৷ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ তৃতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত তিতাবৰৰ বিধায়ক, কংগ্ৰেছৰ বহুতো নেতা-কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.