HSLC Exam 2023 : 35 বছৰ বয়সত মেট্ৰিক উত্তীৰ্ণ মাজুলীৰ এগৰাকী মহিলা

By

Published : May 28, 2023, 10:10 PM IST

thumbnail

মাজুলী, 28 মে’ : 35 বছৰ বয়সত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা এগৰাকী মহিলা (35 Year Old Woman Clears HSLC Exam 2023) । মহিলাগৰাকী হৈছে মাজুলীৰ দক্ষিণপাট কলিতা গাঁৱৰ ভনীমাই দত্ত বৰা ৷ এইবাৰ শিক্ষান্ত পৰীক্ষাত ভনীমাই দ্বিতীয় বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে ।

পৰীক্ষাত উত্তীৰ্ণ হৈয়ো দুচকুত চকুৰ পানী ভনীমাইৰ ৷ কিয়নো দুবছৰৰ পূৰ্বে ভনীমাইৰ স্বামী ঘৰৰ পৰাই নিৰুদ্দেশ হৈছিল ৷ তাৰ পাচৰে পৰা ৰুগীয়া শাহু আৰু চাৰি বছৰীয়া কন্যাক লৈ অশেষ কষ্টৰে পৰিয়াল পোহ-পাল দি আহিছে ভনীমাই । স্বামী নিৰুদ্দেশ হোৱাৰ পাচত স্বামীৰ চাকৰিতো লাভ কৰিব বাবে ভনীমাইৰ যোগ্যতা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব ৷ সেয়ে অশেষ কষ্টৰ মাজতো পৰিয়ালটো চলাবৰ বাবে ভনীমাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহাৰ সিদ্ধান্ত লয় ৷

বৰ্তমান ভনীমাই যোৰহাটৰ এটা NGO ত ৰান্ধনী হিচাবে কাম কৰি পৰিয়ালটো পোহ-পাল দি আহিছে ৷ ইফালে প্ৰায় দুটা বছৰ পূৰ্বে নিৰুদ্দেশ হৈছিল ভনীমাই স্বামী ৰঞ্জিত বৰা ৷ তাৰ পাচতে তেওঁ স্বামীৰ নিৰুদ্দেশ সন্দৰ্ভত আৰক্ষী থানাতো দাখিল কৰিছিল গোচৰ ৷ কিন্তু আজি পৰ্যন্ত কোনো ভনীমাই আৰু তেওঁ ভুক্তভোগী পৰিয়ালটোৱে কোনো সন্ধানে লাভ কৰিবলৈ সক্ষম নহ’ল ৰঞ্জিত বৰাৰ ।

লগতে পঢ়ক : Eviction in Orang National Park : ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বেদখলকৃত ভূমিত আৰম্ভ উচ্ছেদ অভিযান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.