NSCN IM Nagaland : নাগালেণ্ডত এনএছচিএনৰ হাতত আবদ্ধ আছাম ৰাইফলছৰ জোৱান

By

Published : Jan 28, 2023, 3:01 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

গুৱাহাটী, ২৮ জানুৱাৰী : যুদ্ধ বিৰতিত থকা উগ্ৰপন্থী সংগঠন এন এছ চি এন (আই এম) নগা আৰ্মীয়ে আবদ্ধ কৰিলে অসম ৰাইফলছৰ জোৱানক (Assam Rifles Jawan detained by NSCN) । নাগালেণ্ডৰ যুদ্ধ বিৰতিত থকা নগা উগ্ৰপন্থী সংগঠনটোৱে আবদ্ধ কৰে ২৫ নং অসম ৰাইফলছৰ ৩১ গৰাকী জোৱানক (NSCN IM detained Assam Rifles Jawan in Nagaland) । অৱশ্যে যুদ্ধ বিৰতিৰ নিয়ম অনুসৰি অৱশেষত অস্ত্ৰসহ অসম ৰাইফলছ দলটোক মুকলি কৰি দিয়ে নগা আৰ্মীয়ে ।

উল্লেখ্য, নাগালেণ্ডৰ জালুকীত থকা অসম ৰাইফলছ বাহিনীৰ জোৱান আছিল তেঁওলোক  ৷ NSCN-IM-ৰ দখলত থকা এলেকাটোত অসম ৰাইফলছৰ জোৱানসকলৰ অনাধিকাৰ প্ৰৱেশৰ অভিযোগত আবদ্ধ কৰা হৈছিল জোৱানসকলক । উল্লেখনীয় যে নিয়মীয়া পেট্ৰোলিঙৰ সময়ত ২৫ নং অসম ৰাইফলছৰ জোৱানৰ দলটো দিশহাৰা হৈ পৰে (25th Assam Rifles Jawan detained in Nagaland) । তাৰ পিছত অৰণ্যাঞ্চলটোত সোমাই পৰে ৩১ জনীয়া সেনা-জোৱানৰ দলটো ৷ উল্লেখ্য যে নাগালেণ্ডৰ পেৰেন জিলাত এই জালুকী অঞ্চল অৱস্থিত । সূত্ৰ মতে, যোৱা বুধবাৰে সংঘটিত হয় এই ঘটনা ৷ কিন্তু অসম ৰাইফলছৰ তৰফৰ পৰা এই সন্দৰ্ভত এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই  ৷

উল্লেখ্য, বিগত বৰ্ষৰ অক্টোবৰ মাহতো এন এছ চি এনৰ (আই এম) সৈতে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল অসম ৰাইফলছৰ জোৱান । নাগালেণ্ডৰ ডিমাপুৰত নেচনেল ছ’চিয়েলিষ্ট কাউন্সিল অব নাগালেণ্ড চমুকৈ এন এছ চি এন (National Socialist Council of Nagaland) আৰু অসম ৰাইফলছৰ (Assam rifles) মাজত সংঘটিত হয় সংঘাত (Argument between NSCN and Assam Rifles in Dimapur ) । তৰ্কাতৰ্কিত লিপ্ত হয় এন এছ চি এন আৰু অসম ৰাইফলছৰ এটা দল ৷

NSCN (IM)ৰ এটা ডেজিগনেটেড শিবিৰত অসম ৰাইফলছৰ এটা দলে হঠাৎ অনাধিকাৰ প্ৰৱেশক লৈ সৃষ্টি হয় এই পৰিস্থিতিৰ । অসম ৰাইফলছৰ এটা দলে বিনা অনুমতিত শিবিৰটোত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছিল NSCN-এ  ৷ কিন্তু এই বাধা নামানি তৰ্কাতৰ্কিতহে লিপ্ত হয় অসম ৰাইফলছৰ জোৱানে  ৷ ইপিনে এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত NSCN-এ সেনাৰ তিনিটা বন্দুক কাঢ়ি লয় ৷ অৱশ্যে বন্দুককেইটা পিছত পুনৰ ঘূৰাই দিয়ে অসম ৰাইফলছক ।

লগতে পঢ়ক: Assam next DGP : জি পি সিং হ'ব অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.