HSLC exam results 2023 : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত গোলাঘাটৰ নাম উজ্বলালে তিনি শিক্ষাৰ্থীয়ে

By

Published : May 22, 2023, 4:47 PM IST

thumbnail

গোলাঘাট, 22 মে’: আজি ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (HSLC result 2023) । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত গোলাঘাট জিলাৰ তিনিগৰাকী পৰীক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে (3 Students From Golaghat Secured Position) ৷  

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত তৃতীয় স্থান দখল কৰি ৰাজ্যখনৰ ভিতৰত উজ্বলিল আদৰ্শ বিদ্যাপীঠ ভোলাগুৰিৰ অনিন্দিতা বৰা ৷ সপ্তম স্থান দখল কৰে দেৰগাঁও ডনবক্স হাইস্কুলৰ প্ৰতিক্ষা প্ৰিয়ম মহন্ত আৰু দশম স্থান দখল কৰে বোকাখাত খৃষ্টজ্যোতি হাইস্কুলৰ প্ৰিনিষ্ঠা বৰাই (HSLC exam results 2023) ৷  

গোলাঘাট জিলাৰ খুমটাই ভোলাগুৰিস্থিত আদৰ্শ বিদ্যাপীঠৰ ছাত্ৰী অনিন্দিতাৰ সাফল্যত পৰিয়ালৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে গাঁও বাসী উৎফুল্লিত হৈ পৰিছে ৷ ভোলাগুৰি বুঢ়াগাঁৱৰ দেৱকান্ত বৰা আৰু ৰূপালী ডেকা বৰাৰ সন্তান অনিন্দিতা ৷ অনিন্দিতাৰ পিতৃ দেৱকান্ত বৰা এগৰাকী শিক্ষক হোৱাৰ বিপৰীতে মাতৃ এগৰাকী সু-গৃহিনী ৷ ভৱিষ্যতে ছফ্টৱেৰ অভিযন্তা হোৱাৰ মন অনিন্দিতাৰ ৷ তৃতীয় স্থান দখল কৰা মেধাৱী ছাত্ৰী অনিন্দিতাই অধ্যয়নৰ সমান্তৰালভাৱে যোৱা দুবছৰৰ পৰা বৰগীত আৰু সত্ৰীয়া নৃত্যৰ চৰ্চা কৰি আহিছে ৷

লগতে পঢ়ক: Assam HSLC result 2023:অষ্টম স্থানত নাৰায়ণপুৰৰ ধলপুৰৰ কুলদীপ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.