Bharat Jodo Yatra: বঙাইগাঁৱত 11 কিঃমিঃ পদযাত্ৰা ভূপেন বৰাসহ কংগ্ৰেছ নেতাৰ

By

Published : Nov 7, 2022, 8:51 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

অসমত ১ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্রা(Bharat Jodo Yatra of Congress) । ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা আজি বঙাইগাঁও জিলাত দ্বিতীয় দিন(2nd day of Bharat Jodo Yatra in Bongaigaon) । আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ খগড়পুৰ গাৰোদোকানৰ পৰা অভয়াপুৰী গান্ধীময়দানলৈ প্ৰায় ১১ কি:মি: পদযাত্ৰা কৰে । আজিৰ‌ এই পদযাত্ৰাত APCC ৰ সভাপতি ভূপেন বৰাক সংগ দিয়ে সাংসদ গৌৰৱ গগৈ, সাংসদ আব্দুল খালেক, APCC ৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, বিধায়ক প্ৰদীপ সৰকাৰৰ লগতে বহু জেষ্ঠ কংগ্ৰেছ কৰ্মীয়ে । আজিৰ দ্বিতীয় দিনাৰ ভাৰত জোড়ো যাত্রাৰ কাৰ্যসূচীত প্ৰায় সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.