Yoga Competition in Dhemaji : ধেমাজিত ২৫ তম আন্তঃজিলা জেষ্ঠ্য যোগাসন প্ৰতিযোগিতা

By

Published : Oct 17, 2022, 6:45 AM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

ধেমাজিত ২৫ তম আন্তঃজিলা জেষ্ঠ্য যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে (25th Senior inter district Yoga competition) ৷ ‘অসম অলিম্পিক সন্থা(Assam Olympic Association)’ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ‘অসম যোগ সন্থা(Assam Yoga Association)’ৰ সৌজন্যত, ‘যোগাসন ক্ৰীড়া সন্থা, অসম’ৰ সহযোগত আৰু ‘ধেমাজি জিলা যোগাসন ক্ৰীড়া সন্থা’ৰ আতিথ্যত জিলাখনৰ ৰাজহুৱা প্ৰেক্ষাগৃহত যোৱা ১৪ অক্টোবৰৰ পৰা আৰম্ভ হয় এই অনুষ্ঠান (Senior inter district Yoga competition in Dhemaji) ৷ দেওবাৰে অন্তিম দিনাৰ কাৰ্যসূচীত জেষ্ঠ্য পুৰুষ মহিলাসকলক ৰিদিমিক যোগাৰ লগতে আৰ্টিষ্টিক যোগা প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ প্ৰতিযোগিতাখনত ৰাজ্যৰ ২২ খন জিলাৰ পৰা 100 ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে ৷ প্ৰতিযোগিতাখনত সমন্বয়ক হিচাপে উপস্থিত থাকে অসম যোগ সন্থাৰ সম্পাদক নলিন নাথ লগতে অসম যোগ সন্থাৰ বিষয় ববীয়া আৰু ধেমাজি জিলা যোগাসন ক্ৰীড়া সন্থাৰ বিষয় ববীয়াসকল উপস্থিত থাকে ৷

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.