Assam HSLC result 2023: নলবাৰীলৈ গৌৰৱ আজুৰিলে দুই কৃতী ছাত্ৰই

By

Published : May 22, 2023, 4:29 PM IST

thumbnail

নলবাৰী, 22 মে’: আজি ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা ফলাফলত নলবাৰীৰ আঠগৰাকীকৈ শিক্ষাৰ্থীয়ে শীৰ্ষ দহত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ সৰ্বমুঠ 587 নম্বৰৰ সৈতে নলবাৰীৰ মানৱ শক্তি জাতীয় বিদ্যালয়ৰ ৰাজদ্বীপ কলিতাই লাভ কৰিলে অষ্টম স্থান ৷ ৰাজদ্বীপৰ সাফল্যত আনন্দিত পিতৃ মাতৃ , শিক্ষক-শিক্ষয়ত্ৰী ৷ ভৱিষ্যতে এগৰাকী অভিযন্তা হোৱাৰ মন মেধাৱী ছাত্ৰ ৰাজদ্বীপ কলিতাৰ (2 Students from Nalbari Secured Position) ৷

আনহাতে দশম স্থানত উজ্বলিল নলবাৰী জিলাৰ টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ ছাত্ৰ প্ৰজ্ঞান শৰ্মা ৷ সৰ্বমুঠ 585 নম্বৰ লাভ কৰি দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে প্ৰজ্ঞান শৰ্মাই (Assam HSLC Exam) ৷ 

এই খবৰ লাভ কৰাৰ পাছতেই বিবেকানন্দ বিদ্যা নিকেতন টিহুত আনন্দৰ বন্যা দেখিবলৈ পোৱা যায় ৷ আটজবাজী ফুটাই, হোলী খেলি আনন্দত আত্মহাৰা হ'ল বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকল ৷ পঢ়াৰ নিৰ্দিষ্ট সময় নাছিল যদিও যেতিয়াই মন যায় তেতিয়াই পঢ়িছিল বুলি প্ৰজ্ঞান শৰ্মাই মন্তব্য কৰে (Assam HSLC result 202) ৷

লগতে পঢ়ক: HSLC exam results 2023 : নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ দুই ছাত্ৰীৰ সাফল্য 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.