Road accident at Kaliabor: ৩৭ নং ৰাষ্ট্ৰীয় পথত একেদিনাই দুটাকৈ পথ দুৰ্ঘটনা, দুজনৰ মৃত্যু

By

Published : Jan 27, 2023, 9:28 AM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

কলিয়াবৰ, 27 জানুৱাৰী: পথ নিৰাপত্তাৰ ওপৰত জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে পৰিবহণ বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহন কৰি অহাৰ পাছতো ৰাজ্যত দুৰ্ঘটনা কমক চাৰি বৃদ্ধিহে হৈ আহিছে ৷ ক্ৰমাগতভাৱে ৰাজ্যখনত উদ্বেগজনক হাৰত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাৰ পিচতো সতৰ্ক হোৱা নাই জনসাধাৰণ ৷ নিতৌ সংঘটিত হৈ অহা পথ দুৰ্ঘটনা আৰু ইয়াৰ ফলত বহু লোকৰ মৃত্যুৰ খবৰে চিন্তিত কৰি তুলিছ সচেতন মহলক ৷ 

ইফালে দেওলগা এটা পথলৈ পৰিণত হৈছে কলিয়াবৰৰ বাগৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা (Road Accident at Kaliabor) ৷ পথচোৱাত দৈনিক সংঘটিত সৰু বৰ দুৰ্ঘটনাত বহু লোক আহত হোৱাৰ লগতে প্ৰাণ গৈছে বহুজনৰ ৷ শেহতীয়াকৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱাত একেদিনাই পৃথকে পৃথকে দুটাকৈ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোহৰলৈ আহিছে (Two Road Accident in one day) ৷  

বৃহস্পতিবাৰে বাগৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ খুন্দাত এজন পথচাৰীৰ মৃত্যু হয় । মৃত্যু হোৱা লোকজন বাগৰিৰ গণেশ বাহাদুৰ চেত্ৰী (৬০) বুলি চিনাক্ত কৰা হৈছে (One died in Road accident) । বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত লোকজনক স্থানীয় লোকৰ তৎপৰতাত ১০৮ এম্বুলেঞ্চ সেৱাৰ সহায়ত জখলাবন্ধা মহকুমা চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

আনহাতে একেদিনাই জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আন এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ পথেৰে গৈ থকা এখন স্কুটীয়ে খুন্দিওৱাৰ ফলত কৰুণ মৃত্যক সাৱটি লয় এগৰাকী বিশেষভাৱে সক্ষম লোকে ৷ এই বাতৰি যুগুত কৰা পৰ্যন্ত মৃত লোকজনৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই (One physical handicapper person died) । এই দুৰ্ঘটনাটোত স্কুটী আৰোহীজনো গুৰুতৰভাৱে আহত হয় (Scotty driver injured in road accident) ৷  আহত আৰোহীজনক জখলাবন্ধা আৰক্ষীয়ে ততাতৈয়াকৈ জখলাবন্ধা চিকিৎসালয়ত (Jakhalabandha Hospital) ভৰ্তি কৰে ৷

শেহতীয়াকৈ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে (Ministry of road transport and highway) প্ৰকাশ কৰা ‘ৰোড এক্সিডেণ্ট ইন ইণ্ডিয়া ’(Road accident in India) শীর্ষক প্ৰতিবেদনত অসমত পথ দুৰ্ঘটনাৰ হাৰ বৃদ্ধি হোৱাৰ তথ্য উল্লেখ কৰা হৈছিল  ৷ প্ৰতিবেদনত প্ৰকাশ কৰা তথ্য অনুসৰি 2017, 2018 আৰু 2020 চনতকৈ 2021 চনত দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোক সংখ্যা যথেষ্ট বেছি । 

লগতে পঢ়ক: Tragic accident in Dhubri: শোকাৱহ ! সৰস্বতী পূজালৈ ওলাই গৈ দুই ছাত্ৰীৰ দুৰ্ঘটনাত মৃত্যু

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.