Royal Bengal tiger menace: বাঘৰ আতংকৰ বাবে শিলঘাটত 144 ধাৰা জাৰি

By

Published : Mar 15, 2023, 10:26 PM IST

thumbnail

কলিয়াবৰ, 15 মাৰ্চ: শিলঘাটৰ দুটাকৈ বিশেষ অঞ্চলত বাঘ আৰু জনসাধাৰণৰ সুৰক্ষাৰ বাবে 144 ধাৰা বলৱৎ কৰিছে কলিয়াবৰ মহকুমা প্ৰশাসনে ৷ ঢেকীয়াপতীয়া বাঘৰ বিচৰণৰ বাবেই এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে প্ৰশাসন ৷ কলিয়াবৰ চাহ বাগিচাৰ মাজেৰে যোৱা কামাখ‍্যা মন্দিৰৰ পৰা কামাখ‍্যা-সোণাৰী গাঁও গড়কাপ্তানি পথ আৰু শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ পৰা ত্ৰিশূলধাৰী গড়কাপ্তানি পথত কলিয়াবৰ মহকুমা প্ৰশাসনে 144 ধাৰা বলৱৎ কৰিছে (144 imposed in Shilghat)। 

বিয়লি চাৰি বজাৰ পৰা পুৱা ন বজালৈ কামাখ‍্যা-সোণাৰী গাঁও গড়কাপ্তানি পথ পথছোৱাত নিষেধাজ্ঞা বলবৎ কৰা হৈছে । ইফালে ত্ৰিশূলধাৰীলৈ যোৱা ৰাস্তাটোত 24 ঘন্টাই বলৱৎ থাকিব 144 ধাৰা ৷ কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসৰ স্বাক্ষৰ সম্বলিত এই জাননীখন নগাঁও জিলা বন বিভাগৰ পৰা সদৰি হোৱা তথ‍্যৰ উদ্ধৃতি দিয়া হৈছে (Royal Bengal tiger menace at Shilghat) । 

লগতে পঢ়ক: Handmade gun recovered: কলিয়াবৰ চাহ বাগিচাত হস্ত নিৰ্মিত বন্দুক উদ্ধাৰ; দুই দুষ্কৃতিকাৰীৰ পলায়ন

নগাঁও জিলাৰ শালনা উত্তৰাঞ্চল বনাঞ্চলৰ অন্তৰ্গত কামাখ‍্যা সংৰক্ষিত বনাঞ্চলৰ সমীপৰ কলিয়াবৰ চাহ বাগিচাৰ এটা অংশত যোৱা প্ৰায় এমাহ ধৰি বিচৰণ কৰি আছে ঢেকীয়াপতীয়া বাঘে ৷ এই বাঘৰ পৰিয়ালটোৰ সুৰক্ষা আৰু সেই পথেৰে যাতায়ত কৰা পথচাৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ‍্য ৰাখি এই নিষেধাজ্ঞা বলবৎ কৰা হৈছে বুলি উল্লেখ কৰা হৈছে (Kaliabar tiger terror news)।

যোৱা মঙলবাৰে নগাঁও বন বিভাগে জিলা প্ৰশাসনক 144 ধাৰা দি বাগিচা অঞ্চলটোত শ্ৰমিকসকলৰ বাদে আন লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিবৰ বাবে আবেদন জনাইছিল । লগতে কিছুদিনৰ বাবে বাগিচা শ্ৰমিক কলৰ কামৰ সময় হ্ৰাস কৰি একেবাৰে পুৱা আৰু আবেলি 2 বজাৰ পাচত বাগিচালৈ নাযাবলৈ বাগিচা কৰ্তৃপক্ষক আহ্বান জনাইছিল নগাঁও জিলা আৰক্ষী বিভাগ আৰু বন বিভাগে (Royal Bengal tiger at Shilghat)। 

তাৰ পাচতেই আজি কলিয়াবৰ মহকুমা প্ৰশাসনে 144 ধাৰা বলবৎ কৰে । এই সময়ছোৱাত আইন উলংঘন কৰিলে আইনগতভাৱে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসন-বনবিভাগে । কলিয়াবৰ চাহ বাগিচা এলেকা আৰু সোণাৰি কামাখ্যা গাঁৱৰ কিছু এলেকাত পোৱালি সহ কেইবাটাও ঢেকীয়াপতীয়া বাঘে বিচৰণ কৰিছে বুলি তথ্য পোৱা গৈছে (Tiger free roaming at Kaliabar)।

লগতে পঢ়ক: Tiger Free roaming at Kaliabor : আঁতৰি যোৱা নাই কলিয়াবৰৰ পৰা বনৰজা; ৰাইজৰ মনত আতংক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.