Handmade gun recovered: কলিয়াবৰ চাহ বাগিচাত হস্ত নিৰ্মিত বন্দুক উদ্ধাৰ; দুই দুষ্কৃতিকাৰীৰ পলায়ন

author img

By

Published : Feb 25, 2023, 9:21 AM IST

Handmade gun recovered

কলিয়াবৰ চাহ বাগিচাত হস্ত নিৰ্মিত বন্দুক উদ্ধাৰ (Handmade gun recovered at Kaliabor) ৷ বাঘ নিধন কৰিবলৈ বন্দুকটো ব্যৱহাৰ কৰা সন্দেহ ৷ বিগত কিছুদিন ধৰি কলিয়াবৰ চাহ বাগিচাত সন্ত্ৰাস চলাই আহিছে এটা বাঘে ৷

কলিয়াবৰ চাহ বাগিচাত হস্ত নিৰ্মিত বন্দুক উদ্ধাৰ; দুই দুষ্কৃতিকাৰীৰ পলায়ন

কলিয়াবৰ, 25 ফেব্ৰুৱাৰী: কলিয়াবৰ চাহ বাগিচাত (Kaliabor tea garden) উদ্ধাৰ কৰা হৈছে এটা হস্ত নিৰ্মিত বন্দুক ৷ বাঘ হত্যা কৰিবৰ বাবে বন্দুকটো ব্যৱহাৰ কৰাৰ সন্দেহ ৷ সঞ্জীৱ ডেকা নামৰ এজন যুৱকে বন্দুকটো উদ্ধাৰ কৰি গতাই দিয়ে আৰক্ষীক ৷

উল্লেখ্য যে, বিগত কেইদিনমান ধৰি কলিয়াবৰ চাহ বাগিচাত বিচৰণ কৰি আছে এটা বাঘে ৷ বাঘটোৱে ইতিমধ্যেই অঞ্চলটোত চলাইছে সন্ত্ৰাস ৷ লগতে নিধন কৰিছে গৰু ৷ যাৰ বাবে এতিয়া নিৰাপত্তাহীনতাত ভুগিছে স্থানীয় লোকসকল (Tiger menace at Kaliabor) ৷

শুকুৰবাৰে বিয়লি কলিয়াবৰ চাহ বাগিচাৰ মাজেৰে আহি থকা কেইজনমান লোকে শুনিবলৈ পায় গুলীৰ শব্দ ৷ ঘটনাৰ উমান ল’বলৈ গুলীৰ শব্দ অহাৰ দিশেৰে আগবাঢ়ি যায় লোক কেইজন ৷ তেতিয়াই দুজন ব্যক্তিয়ে হাতত বন্দুক লৈ বাগিচাৰ মাজত বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰে ৷

কিন্তু লোক কেইজনক প্ৰত্যক্ষ কৰি বন্দুকটো সেই স্থানতে এৰি পলায়ন কৰে বন্দুকধাৰী দুই ব্যক্তি ৷ ইয়াৰ পাচতেই লোককেইজনে বন্দুকটো উদ্ধাৰ কৰে আৰু সঞ্জীৱ ডেকা নামৰ যুৱকজনে হস্ত নিৰ্মিত বন্দুকটো গতাই দিয়ে শিলঘাট আৰক্ষীক ৷ শিলঘাট আৰক্ষীয়ে বন্দুকটো চমজি লৈ এই সন্দৰ্ভত ৰুজু কৰিছে এটা গোচৰ ৷

কলিয়াবৰ চাহ বাগিচাত বিচৰণ কৰি থকা বাঘটো নিধনৰ বাবে বন্দুকটো ব্যৱহাৰ কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ সঞ্জীৱ ডেকাই উল্লেখ কৰা অনুসৰি বন্দুকটো উদ্ধাৰ কৰা স্থানৰ কিছু নিলগত পৰি আছিল এটা মৃত গৰু ৷ সেই গৰুটো ভক্ষণৰ বাবে বাঘটো আহিলে গুলীয়াই নিধন কৰিবলৈ দুই দুষ্কৃতিকাৰীয়ে খাপ পিটি থকা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে (Tiger menace haunts locals of Kaliabor) ৷ উল্লেখ্য যে, শুকুৰবাৰে বাঘটোৱে নিধন কৰিছিল গৰুটো ৷

উল্লেখ্য যে, বাগিচাখনত বাঘৰ বিচৰণৰ কথা অৱগত হোৱাৰ পাচতো বনবিভাগে কোনো ধৰণৰ তৎপৰতা নেদেখুৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে (tiger roaming at Kaliabor tea garden area) ৷ ইফালে, বন্দুক লৈ বাগিচাত বিচৰণ কৰা লোক দুজনৰ ফটো নিজৰ ম’বাইল ফোনৰ কেমেৰাত বন্দী কৰিছে সঞ্জীৱ ডেকাই ৷ সেইৰ ফটোৰ ভিত্তিতেই ইতিমধ্যে লোক দুজনৰ সন্ধানত শিলখাট আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ৷

লগতে পঢ়ক: Guwahati Double Murder: অমৰজ্যোতিৰ ঘৰত কেয়াৰ টেকাৰ হিচাপে আছিল বন্দনা; ৰচিছিল সম্পত্তিৰ গৰাকী হোৱাৰ অভিসন্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.