বিলাসীপাৰাত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান, শ্মশানৰ মাটি বেদখলমুক্ত

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 10:36 PM IST

thumbnail

ধুবুৰী, 16 ডিচেম্বৰ : ধুবুৰী জিলাৰ বিলাসীপাৰাত পুনৰ প্ৰশাসনৰ চলিল উচ্ছেদ অভিযান ৷ বিলাসীপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত কছলৰটাৰী প্ৰথম খণ্ড গাঁৱত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ চৰকাৰী মাটি বেদখল কৰি একাংশ লোকে এই স্থানত বসবাস কৰি অহাৰ অভিযোগ ৷

গাওঁখনত দীৰ্ঘ দিনৰ পৰাই শশ্মানৰ 17 বিঘা মাটি একাংশ লোকে বেদখল কৰি ঘৰ সাজি বসবাস কৰি আছিল ৷ এই 17 বিঘাৰ ভিতৰত 5 বিঘা মাটিত ঘৰ সাজি বসবাস কৰি থকা 10 টা পৰিয়ালক উচ্ছেদ কৰে প্ৰশাসনে ৷

ৰাজহ চক্ৰ বিষয়া, বৃহৎ অৰ্ধসামৰিক বাহিনীৰ দল আৰু আৰক্ষীৰ উপস্থিতিত জেচিবিৰে মাটিখিনি বেদখল মুক্ত কৰে প্ৰশাসনে ৷ গাওঁখনৰ 10 টা পৰিয়ালৰ ঘৰ-বাৰী এই স্থানৰ পৰা উচ্ছেদ কৰি বেদখলমুক্ত কৰে প্ৰশাসনে ৷ উচ্ছেদিত পৰিয়ালসমূহক বাকী থকা 12 বিঘা মাটিত পুনৰ সংস্থাপন দিব বুলি চক্ৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷ 

লগতে পঢ়ক : 27 ডিচেম্বৰত ধুবুৰীত বিৰোধী ঐক্যমঞ্চৰ জনসভা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.