হোজাইত কোটি টকাৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

By

Published : Mar 27, 2022, 7:39 AM IST

Updated : Feb 3, 2023, 8:21 PM IST

thumbnail

নৱপ্ৰজন্মৰ অধিকাংশই পৰিছে নিচাযুক্ত সামগ্ৰীৰ কবলত ৷ যাক নিৰ্মূল কৰাৰ উদ্দেশ্যৰে বিগত প্ৰায় 8-9 মাহে অসম আৰক্ষীয়ে নিৰন্তৰ অভিযান চলাই গৈছে ৷ শনিবাৰৰ দিনটোত হোজাই আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় 760 গ্ৰাম ড্ৰাগছ (Drugs seized in Hojai) ৷ আব্দুল চালাম(34) আৰু ইজাজুল হক(18) নামৰ দুজন লোকে এই ড্ৰাগছখিনি অৱধ আচাম এক্সপ্ৰেছেৰে ডিমাপুৰৰ পৰা হোজাইলৈ আনি থকাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে ৷ জিলাখনৰ টেলিবস্তি এলেকাৰ পৰা উদ্ধাৰ কৰা ড্ৰাগছখিনিৰ বজাৰমূল্য আনুমানিক 3-4 কোটি টকা হ’ব বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে ৷ এক বিশেষ সূত্ৰৰ পম খেদি শনিবাৰে সন্ধিয়া হোজাই আৰক্ষীয়ে (Hojai Police against Drugs) এই অভিযান চলাই বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক পণজিৎ দুৱৰাই ৷ ঘটনা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ প্ৰায় 60 টাকৈ চাবোনৰ বাকচৰ ভিতৰত লুকুৱাই অনা হৈছিল জব্দ কৃত ড্ৰাগছখিনি ৷

Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.