বতাহ-বৰষুণত খহিল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নিৰ্মীয়মান দলঙৰ ৰেলিং লঞ্চাৰ

By

Published : Mar 28, 2022, 10:42 AM IST

Updated : Feb 3, 2023, 8:21 PM IST

thumbnail

আধুনিক প্ৰযুক্তিৰে নিৰ্মীয়মান গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ(Guwahati-North Guwahati bridge) ৰেলিং লঞ্চাৰখন শুকুৰবাৰে নিশা অহা বতাহ-বৰষুণত ভাঙি পৰে ৷ এছ পি ছিংলা নামৰ এক প্ৰতিষ্ঠানে নিৰ্মাণ কৰি থকা দলঙখনৰ ৰেলিং খহি পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰে বহুকেইজন শ্ৰমিক । ৰেলিং খহাত দলঙখনৰ ডিজিটেল ইনভাৰ্টাৰো বহু দূৰৈত ছিটিকি পৰে । অসম বিধানসভাৰ বিধায়কৰ প্ৰতিনিধি দলে(Delegation of Assam Assembly MLAs) শুকুৰবাৰে নিৰ্মীয়মান দলঙখন পৰ্যবেক্ষণ কৰি উচ্চ প্ৰশংসাৰে উপচাই পেলাইছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক । আনহে নালাগে উন্নত প্ৰযুক্তি আৰু খৰতকীয়াভাৱে দলঙখনৰ নিৰ্মাণৰ কাম হোৱা বুলি বিৰোধীয়েও প্ৰশংসা কৰিছিল । চাৰিলেনযুক্ত দলঙখন ২০২৩চনত মুকলি হোৱা কথা ।

Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.