Storm in Nagaon: নগাঁৱত ধুমুহাত বিস্তৰ ক্ষতিসাধন কৃষিভূমিৰ

By

Published : Oct 25, 2022, 2:59 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

সমগ্ৰ ৰাজ্য়ত উলহ মালহেৰে কালি পালন কৰা হয় পোহৰৰ উৎসৱ দীপাৱলী (Kali Puja celebrated in Assam)। বতৰে যদিও এই উৎসৱ পালন কৰাত কিছু পৰিমাণে ব্যাঘাত জন্মাইছিল তথাপিও কিন্তু পোহৰৰ উৎসৱটি পালন কৰাত কোনো পিছ পৰি ৰোৱা নাই । ইয়াৰ মাজতেই আহিল ধুমুহা (Storm at Nagaon) । অসমৰ বিভিন্ন স্থানৰ লগতে নগাঁৱৰ বহুত ঠাইত সোমবাৰে নিশা তাণ্ডৱ চলায় ধুমুহাই । জিলাখনৰ ৰূপহীহাটতো ধুমুহাৰ তাণ্ডৱত দিশহাৰা হ'ল ৰাইজ (Storm destroyed paddy field at Nagaon)। নিশাৰ ধুমুহাই বিভিন্ন স্থানত ঘৰ-দুৱাৰৰ লগতে খেতি পথাৰৰ বিস্তৰ ক্ষয় ক্ষতি সাধন কৰে । ৰূপহীহাটৰ শিঙিমিৰি,বালিকা,গড়াজান,উত্তৰ খাটোৱাল,সুতিৰপাৰ,শিঙিয়া আদি অঞ্চলত বিস্তৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে । শিঙিমাৰি অঞ্চলত কল খেতি, বগৰী খেতি সম্পূৰ্ণৰূপে ধ্বংস হৈছে এই ধুমুহাত । জুৰীয়াত বাঁহৰ গছ, ফল-মূলৰ গছ আদি উভালি পৰিছে । আনহাতে, বহু ঠাইত বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগী খুঁটা উভালি পৰাৰ ফলত বিদ্যুৎ বিচ্ছিন্ন হৈছে ।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.