Drugs paddler arrested: চাংসাৰিত ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী

By

Published : Dec 29, 2022, 2:24 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

ৰাজ্যত ভয়াৱহ নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰ অভিযান(Anti drugs mission by Assam police) ৷ এনে অভিযানৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে চলাই আছে ড্ৰাগছৰ ৰমৰমীয় বেহা । ইয়াৰ মাজতেই চাংসাৰি আৰক্ষীৰ জালত পৰিল তিনি সৰবৰাহকাৰী । বুধবাৰে নিশা চ'কী গেটৰ ওচৰ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা এ এছ ০১ বিএ ০৬৯১ নম্বৰৰ এখন বিলাসী বাহনৰ লগতে ১৪৭টা নিচা জাতীয় ক'ফ চিৰাপৰ বটল, ১৯ পেকেট টেবলেট আৰু ৬ গ্ৰাম হেৰ'ইন আৰু খালী কন্টেইনাৰ জব্দ কৰে (Drugs seized at Changsari)। আৰক্ষীয়ে এই ঘটনাৰে জড়িত টিপু আলী ,মইনুৰ আলী আৰু ৰেজেক আলী নামৰ তিনিটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Drugs dealer arrested in Changsari)।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.