মৰাণত ড্ৰাগছ আসক্ত পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ !

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 1:03 PM IST

thumbnail

ডিব্ৰুগড়, 25 নৱেম্বৰ : মৰাণৰ 108 নং খোৱাং গ্ৰান্টত চাঞ্চল্যকৰ ঘটনা ৷ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ ৷ এই খবৰ লাভ কৰাৰ লগে লগেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাৰ অভিযোগত অভিযুক্ত উত্তম বৰুৱা নামৰ যুৱকজনক আটক কৰে ৷ নিহত মহিলাগাৰকীৰ নাম অনু বৰুৱা বুলি জানিব পৰা গৈছে ৷

ঘটনা অনুসৰি, প্ৰায়ে ড্ৰাগছ সেৱনৰ বাবে টকা বিচাৰি মাকৰ সৈতে কাজিয়াত লিপ্ত হয় অভিযুক্ত উত্তম বৰুৱা ৷ শনিবাৰে পুৱাৰ ভাগতো এই ড্ৰাগছৰ বাবে মাতৃ-পুত্ৰৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল ৷ এই কাজিয়াৰ বাবেই অভিযুক্ত উত্তম বৰুৱাই তেওঁৰ মাতৃক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি হত্যা কৰে ৷ 

পূৰ্বেও উত্তমে পিতৃক হত্যা কৰিছিল বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে ৷ আনহাতে, মাতৃক হত্যা কৰাৰ সময়ত উত্তম ড্ৰাগছৰ নিচাত আছিল বুলি ৰাইজে উল্লেখ কৰে ৷ 

লগতে পঢ়ক : টিংখাঙৰ ৰাজপথত জ্বলিল সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ পুত্তলিকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.