Siddharth Anand on pathaan controversy: পাঠানে বৰ্জন দলৰ কাৰ্যসূচী বিফল কৰি তুলিলে: সিদ্ধাৰ্থ আনন্দ

By

Published : Feb 4, 2023, 6:43 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

thumbnail

চিটাৰা ডেস্ক, 4 ফেব্ৰুৱাৰী : পাঠানৰ ব্যৱসায়িক সফলতাই পৰিচালক সিদ্ধাৰ্থ আনন্দৰ মনৰ বোজা আঁতৰাই পেলালে ৷ চলচ্চিত্ৰ নিৰ্মাতা গৰাকীয়ে কৈছিল যে তেওঁ বিভিন্ন কাৰণত পাঠান মুক্তিৰ আগতে উদ্বিগ্ন আছিল । শ্বাহৰুখ খানৰ অসীম জনপ্ৰিয়তাই তেওঁক পাঠান মুক্তিৰ মাত্ৰ দুমাহ আগতে ভবাই তুলিছিল । তেওঁ উপলব্ধি কৰিছিল যে এখন চলচ্চিত্ৰত শ্বাহৰুখ খানক পৰিচালনা কৰাটো কিমান এক গধুৰ দায়িত্ব আৰু তেনে এজন অভিনেতাক লৈ এখন সফল চলচ্চিত্ৰ দৰ্শকক প্ৰদান কৰাটো কি এক গুৰুত্বপূৰ্ণ কাম, কিয়নো ইমান বিশাল সংখ্যক অনুৰাগীক সন্তুষ্ট কৰাটো কোনো এটা ডাঙৰ কামতকৈ কম নহয় ৷

Besharam Rang গীতটো মুক্তি পোৱাৰ পিছতে বিতৰ্কৰ সৃষ্টি হৈছিল ছবিখনক লৈ । ইয়াৰ পিছত, বয়কট পাঠান আৰু বয়কট বলীউড ট্ৰেণ্ডে কেইবাদিনো ছ'চিয়েল মিডিয়াত ট্ৰেণ্ড কৰিছিল (Siddharth Anand on pathaan controversy) । প্ৰথম দিনৰ বক্স অফিচ সংগ্ৰহ আৰু পৰৱৰ্তী দিনবোৰৰ ব্যৱসায়ে অৱশ্যে বৰ্জন দলসমূহক চিন্তাত পেলাইছিল । বৰ্জন পাঠান সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সিদ্ধাৰ্থই কয় যে পাঠানে বৰ্জন দলৰ কাৰ্যসূচী ব্যৰ্থ কৰি তোলে ।

চিনেমাখনত আপত্তিজনক একো নাই বুলি তেওঁ জানিছিল যদিও দৰ্শকে প্ৰথমাৱস্থাত জনা নাছিল বুলি কয় ছবি নিৰ্মাতাই । পিছলৈ যেতিয়া ছবিখনে মুক্তি লাভ কৰে তেতিয়া দৰ্শকে ছবিখনক ব্লকবাষ্টাৰ বনাই তোলে আৰু সেই বাবেই বৰ্জনকাৰী দলৰ এজেণ্ডা বিফল হৈ পৰে । লগতে যিসকলে পাঠান ছবিখন বৰ্জন কৰিব বিচাৰে তেওঁলোকক ছবিখন চাবলৈ অনুৰোধ কৰে নিৰ্মাতা সিদ্ধাৰ্থই (Siddharth Anand on pathaan boycott) ।

লগতে পঢ়ক : পাঠান বিতৰ্ক সন্দৰ্ভত মুখ খুলি বিষবাষ্প বিয়পোৱা সকলক উচিত উত্তৰ দিলে শ্বাহৰুখে

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.