Aie River erosion: ভয়ংকৰ ৰূপ লৈছে আই নৈৰ গৰাখহনীয়াই

By

Published : Aug 3, 2022, 11:01 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাশবাৰী বালাৰপেটবাসী ৰাইজৰ সমস্যাই কুলাই পাচিয়ে নধৰা হৈছে । সম্প্ৰতি আই নৈৰ গৰাখহনীয়া (Aie River erosion in Bongaigaon) আৰু বানে ন ন সমস্যাৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷ নৈখনৰ গৰাখহনীয়াই বাশবাৰী বজাৰ আৰু গড়কাপ্তানি পথটো উটুৱাই নিয়ে (Aie River has washed paved roads) ৷ ফলত বাশবাৰী আৰু বালাপেট গাঁৱৰ মাজেদি নৈখনৰ বাঢ়নী পানীৰ প্ৰৱল সোঁত বৈ গৈ ৫০০ মিটাৰ দূৰত থকা মানাহ নৈত সংযোগ হয় । যাৰ বাবে সৃষ্টি হোৱা উল্টা খুন্দাত গাঁওখনৰ মাজেৰে এখন নতুন সূঁতিৰ সৃষ্টি হ’ব ধৰিছে ৷ ফলত অনতিপলমে আই নৈৰ পানীক বাধা নিদিলে আই নৈৰ লগত মানাহ নৈৰ সংযোগ হৈ প্ৰায় ৪০ খনকৈ গাঁৱৰ বিস্তৰ ক্ষতি কৰিব ৷ স্থানীয় ৰাইজে জনপ্ৰতিনিধিক বাৰাম্বাৰ অনুৰোধ কৰাৰ পিছতো একো ফল পোৱা নাই বুলি অভিযোগ উত্থাপন কৰে ৷ সেয়ে প্ৰশাসন আৰু চৰকাৰক ইয়াৰ বিহীত ব্যৱস্থা ল’বলৈ ৰাইজে দাবী জনাইছে ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.